২ জুলাইত ভগ্নী ভিৰমতী (৬২) আৰু প্ৰকাশীয়ে (৬০) দিল্লীৰ পৰা এখন বাছত উঠি একেলগে অমৰনাথ যাত্ৰাৰ দিশে আগবাঢ়িছিল। এয়া তেওঁলোকৰ দীৰ্ঘদিনীয়া স্বপ্ন আছিল আৰু এই স্বপ্ন যেন বাস্তৱত ৰূপায়িত কৰাৰ দিশত দুয়ো সফল হৈছিল। ৮ জুলাইৰ সন্ধিয়া তেওঁলোকে তেওঁলোকৰ পৰিয়ালক ফোন কৰিছিল আৰু তেওঁলোকক কৈছিল যে তেওঁলোকে মন্দিৰত উপস্থিত হৈছে, "দৰ্শন" কৰিছে আৰু তেওঁলোকৰ অৱতৰণ আৰম্ভ কৰিছে। বীৰমতী আৰু প্ৰকাশীৰ সেয়াই পৰিয়ালৰ সৈতে শেষ বাৰ্তালাপ আছিল।
শুকুৰবাৰে জম্মু-কাশ্মীৰৰ গান্দেৰবাল জিলাৰ অমৰনাথ গুহা মন্দিৰৰ ওচৰত এটা শিবিৰত আকস্মিক বানপানীত মৃত্যু হোৱা ১৭জন লোকৰ ভিতৰত দিল্লীৰ দুগৰাকী মহিলাও আছিল। এই দুগৰাকী মহিলাই হৈছে দিল্লীৰ দুই ভগ্নী বীৰমতী(৬২) আৰু প্ৰকাশী (৬০)।
"তেওঁলোকে প্ৰথমবাৰৰ বাবে অমৰনাথলৈ গৈছিল। তেওঁলোক খুব সুখেৰে গৈছিল। এইটো এনেকুৱা এটা বস্তু আছিল যিটো তেওঁলোকে বহুদিনধৰি কৰিব বিচাৰিছিল। তেওঁলোকৰ ভ্ৰমণ আৰামদায়ক আছিল আৰু তেওঁলোকে আমালৈ তেওঁলোকৰ যাত্ৰাৰ আলোকচিত্ৰ প্ৰেৰণ কৰিছিল", নতুন দিল্লী পৌৰ পৰিষদৰ অৱসৰপ্ৰাপ্ত নৰ্দমা ছুপাৰভাইজাৰ ভিৰমতীৰ স্বামী বাল্কিশানে (৬৮) এইদৰে কৈ সাংবাদিকৰ ওচৰত উচুপি উঠিল।
বাল্কিশানে কৈছিল যে তেওঁৰ পত্নীৰ সৈতে তেওঁৰ অন্তিম বাৰ্তালাপ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত হৈছিল। "তেঁও মোক কৈছিল যে তেওঁলোক ভালে আছে আৰু তেওঁলোক মন্দিৰৰ পৰা নামি আহিছে। তেওঁ কৈছিল যে বৰষুণ বহুত আছিল, আৰু সিহঁত তিতিছিল , কিন্তু সকলো ঠিকেই আছিল। যেতিয়া মই পিছত তেওঁক ফোন কৰিবলৈ চেষ্টা কৰিছিলো, মই যোগাযোগ কৰিব পৰা নাছিলো", তেওঁ কৈছিল।
যেতিয়া অমৰনাথ মন্দিৰৰ ওচৰত ডাৱৰ বিস্ফোৰণৰ খবৰ আহিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁলোকৰ পৰিয়াল আতংকিত হ'বলৈ ধৰিলে। অৱশেষত কাহানিও নিবিচৰা খবৰটো তেওঁলোকে লাভ কৰিলে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|