অমৰনাথ গুহাৰ ওচৰত হোৱা ডাৱৰ বিস্ফোৰণত সন্ধানহীন হৈ থকা লোকক উদ্ধাৰৰ বাবে দ্ৰুতগতিত সাহায্য আৰু উদ্ধাৰ অভিযান চলোৱা হৈছে। আইটিবিপিৰ কৰ্মচাৰীসকলেও শনিবাৰে ৰাতিপুৱাৰ পৰা সাহায্য অভিযানত যোগদান কৰে।
এই ঘটনাত ১৩ জন লোক নিহত হৈছে বুলি তথ্যত প্ৰকাশ (Amarnath Cloudburst Updates)। এজন প্ৰশাসনিক বিষয়াৰ মতে সন্ধানহীন হৈ থকা প্ৰায় ৪০ জন লোকৰ পাঁচজনক জীৱন্তে উদ্ধাৰ কৰা হৈছে। সংবাদ সংস্থা এএনআইৰ মতে, অমৰনাথৰ ওপৰৰ পবিত্ৰ গুহাৰ ওচৰত ৫ জন পুৰুষ আৰু ৩ গৰাকী মহিলা তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে তলৰ নিম্ন পবিত্ৰ গুহাৰ ওচৰত ৩ জন পুৰুষ আৰু ২ গৰাকী মহিলাই প্ৰাণ হেৰুৱাইছে।
উল্লেখ্য, কালি দক্ষিণ কাশ্মীৰৰ পৱিত্ৰ অমৰনাথ গুহাৰ (Amarnath in Jammu and Kashmir) ওচৰত ধাৰাসাৰ বৰষুণৰ মাজত সন্ধিয়া প্ৰায় ৫.৩০ বজাত ডাৱৰ বিস্ফোৰণ হৈছিল। তাৰ পিছত পৰ্বতৰ পৰা ডাঙৰ পানীৰ সোঁত উপত্যকাৰ ফালে ববলৈ আৰম্ভ কৰে। গুহাৰ বাহিৰত থকা শিবিৰত ২৫টা তম্বু আৰু তিনিটা সামূহিক পাকঘৰ ধ্বংস হয়।
সেনা, বিএছএফ, আইটিবিপি, এনডিআৰএফ, এছডিআৰএফ, জে এণ্ড কে প্ৰশাসন আৰু অন্যান্য বিষয়া কৰ্মচাৰীসকলে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। জম্মু আৰু কাশ্মীৰ প্ৰশাসনেও উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্টাৰ মোতায়েন কৰিছে।
অমৰনাথ যাত্ৰাৰ সময়ত সংঘটিত ঘটনাৰ পিছত জনসাধাৰণৰ সুবিধাৰ বাবে জম্মু-কাশ্মীৰ চৰকাৰে হেল্পলাইন নম্বৰ জাৰি কৰিছে। কোৱা হৈছে যে যিকোনো ধৰণৰ সহায়ৰ বাবে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰি। পহেলগামৰ যুটীয়া আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ 09596779039, 09797796217, 1936243233, 01936243018। ইয়াৰ উপৰিও, অনন্তনাগ আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ সৈতে 09596777669, 09419051940, 01932225870 আৰু 01932222870 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|