৪ বছৰীয়া শিশুক বলাৎকাৰ কৰা ৰাজকুমাৰক ফাঁচিৰ ৰায়

২০১৫ চনৰ ১ ফেব্ৰুৱাৰীত অলৱাৰৰ বহৰোড়ত এটি চাৰি বছৰীয়া কণমানিক চকলেটৰ প্ৰলোভন দি মাতি নি বলাৎকাৰ কৰিছিল ৰাজকুমাৰে।

News18-Assam
Updated:June 12, 2019, 5:36 PM IST
৪ বছৰীয়া শিশুক বলাৎকাৰ কৰা ৰাজকুমাৰক ফাঁচিৰ ৰায়
২০১৫ চনৰ ১ ফেব্ৰুৱাৰীত অলৱাৰৰ বহৰোড়ত এটি চাৰি বছৰীয়া কণমানিক চকলেটৰ প্ৰলোভন দি মাতি নি বলাৎকাৰ কৰিছিল ৰাজকুমাৰে।
News18-Assam
Updated: June 12, 2019, 5:36 PM IST
ৰাজস্থানত চাৰি বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা কৰাৰ অপৰাধত এজনক ফাঁচিৰ হুকুম দিলে আদালতে। বিশেষ ন্যায়াধীশৰ POCSO আদালতে ধৰ্মেন্দ্ৰ ওৰফে ৰাজকুমাৰ নামৰ অপৰাধীটোক দিলে মৃত্যুদণ্ড। ২০১৫ চনৰ ১ ফেব্ৰুৱাৰীত অলৱাৰৰ বহৰোড়ত এটি চাৰি বছৰীয়া কণমানিক চকলেটৰ প্ৰলোভন দি মাতি নি বলাৎকাৰ কৰিছিল ৰাজকুমাৰে। তাৰ পিছতে শিশুটিক হত্যা কৰিছিল লম্পটটোৱে। চাৰি বছৰ পিছত আদালতে আজি ৰাজকুমাৰক ফাঁচিৰ নিৰ্দেশ দিয়ে।

কণমানিক বলাৎকাৰ কৰি হত্যাৰ এই গোচৰত অলৱাৰৰ POCSO আদালতৰ ন্যায়াধীশ অজয় শৰ্মাই ধৰ্মেন্দ্ৰ ওৰফে ৰাজকুমাৰক ৩০২, ৩৭৬ আৰু POCSO আইনৰ অধীনত ফাঁচিৰ ৰায় প্ৰদান কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি