ওৰে নিশা লম্পট প্ৰমিক আৰু প্ৰেমিকৰ বন্ধুৱে কৰিলে দলবদ্ধ ধৰ্ষণ, নাবালিকাৰ মৃত্যুৱে আকৌ মনত পেলাইছে নিৰ্ভয়া কাণ্ডক

News18 Assam | News18-Assam
Updated:September 7, 2020, 11:53 AM IST
ওৰে নিশা লম্পট প্ৰমিক আৰু প্ৰেমিকৰ বন্ধুৱে কৰিলে দলবদ্ধ ধৰ্ষণ, নাবালিকাৰ মৃত্যুৱে আকৌ মনত পেলাইছে নিৰ্ভয়া কাণ্ডক
মণিপুৰ চৰকাৰৰ তৰফৰ পৰা নিৰ্যাতিতা নাবালিকাৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ। পৰিয়ালৰ তৰফৰ পৰা দোষীক কঠোৰ শাস্তিৰ দাবী।

মণিপুৰ চৰকাৰৰ তৰফৰ পৰা নিৰ্যাতিতা নাবালিকাৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ। পৰিয়ালৰ তৰফৰ পৰা দোষীক কঠোৰ শাস্তিৰ দাবী।

  • News18 Assam
  • Last Updated: September 7, 2020, 11:53 AM IST
  • Share this:
ইম্ফল-মণিপুৰৰ পশ্চিম দিশৰ সৰু গাওঁ মায়াংগ ইম্ফল। গাওঁখনৰ এটা খবৰে এতিয়া জোকাৰিছে সমগ্ৰ দেশ। গাওঁখনৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীক বন্ধু সৈতে লগ হৈ দলবদ্ধ ধৰ্ষণ কৰিলে প্ৰেমিকে। কিশোৰীগৰাকীৰ মৃত্যুৱে এতিয়া কপাই তুলিছে সমগ্ৰ মণিপুৰ।

ঘটনা অনুসৰি, মঙলবাৰে নিশা এটা ফোনকল অহাৰ পিছতে ঘৰৰ পৰা ওলাই যায় কিশোৰীগৰাকী। কিন্তু দীৰ্ঘসময় ধৰি ঘৰলৈ উভতি নহাত হাহাকাৰ লাগে পৰিয়ালৰ মাজত। পিছদিনা পুৱা কাষৰ এখন গাঁৱত এটা পুখুৰীত অচেতন অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকী। কিশোৰীগৰাকীৰ ডিঙি ৰঁচিৰে বান্ধি থোৱাও আছিল।

লগে লগে পৰিয়ালৰ লোকে ইম্ফলৰ ৰিজনেল ইনষ্টিটিউট অৱ মেডিকেল চাইন্সত ভৰ্তি কৰাই কিশোৰীগৰাকীক। আৰু চিকিত্‍সালয়খনতে মৃত্যুক সাৱটি লয় কিশোৰীগৰাকীয়ে। আৰক্ষীয়ে জনোৱা মতে, একিউট ৰেচপিৰেটৰী ডিষ্ট্ৰেছত ভুগিছিল কিশোৰীগৰাকী।

পৰিয়ালৰ লোকে জনাই যে, প্ৰেমিকৰ সৈতে পলাই যাব বিচাৰিছিল কিশোৰীগৰাকীয়ে। সেইকাৰণেই ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু সেই লম্পট প্ৰেমিকেই লগৰ বন্ধুৰ সৈতে লগ হৈ দলবদ্ধ ধৰ্ষণ কৰে কিশোৰীগৰাকীক।

ইতিমধ্যে কিশোৰীগৰাকীৰ প্ৰেমিক মহম্মদ মাজা খান সহ চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে আই পি চি ৩৭৬,৩০২ ধাৰাত ৰুজুৰ কৰি কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, এতিয়াও অপৰাধ স্বীকাৰ কৰা নাই মহম্মদ মাজা খানে। মহম্মদৰ মতে, কিশোৰীগৰাকীয়ে মাজা খানক ৰাজহুৱা স্থানত পাথৰেৰে আঘাত কৰে। ফলত কিশোৰীগৰাকীক মহম্মদেও প্ৰহাৰ কৰে। আৰক্ষীয়ে বৰ্তমান মৰনোত্তৰ পৰীক্ষাৰ ৰিপৰ্টলৈ অপেক্ষা কৰিছে। মণিপুৰ চৰকাৰৰ তৰফৰ পৰা নিৰ্যাতিতা নাবালিকাৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হৈছে। পৰিয়ালৰ তৰফৰ পৰা দোষীক কঠোৰ শাস্তিৰ দাবী কৰিছে।
Published by: Himangshu Bhuyan
First published: September 7, 2020, 11:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading