உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • গো–মাংসৰ সন্দেহ!৩জনক গছত বান্ধি পিটন,দিয়ালে 'জয় শ্ৰীৰাম' ধ্বনি

    গো–মাংসৰ সন্দেহ!৩জনক গছত বান্ধি পিটন,দিয়ালে 'জয় শ্ৰীৰাম' ধ্বনি

    মধ্য প্ৰদেশৰ ভাইৰেল ভিডিঅ’ই সৃষ্টি কৰিছে তুমুল প্ৰতিক্ৰিয়াৰ।

    মধ্য প্ৰদেশৰ ভাইৰেল ভিডিঅ’ই সৃষ্টি কৰিছে তুমুল প্ৰতিক্ৰিয়াৰ।

    মধ্য প্ৰদেশৰ ভাইৰেল ভিডিঅ’ই সৃষ্টি কৰিছে তুমুল প্ৰতিক্ৰিয়াৰ।

    • News18
    • Last Updated :
    • Share this:
      মধ্য প্ৰদেশত তথাকথিত গো ৰক্ষকৰ গুণ্ডামিৰ এক ঘটনাই ছচিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গো–মাংস নিয়াৰ সন্দেহত এগৰাকী মহিলা আৰু দুজন যুৱকক দুৰ্বৃত্তই লাঠিৰে মাৰ–ধৰ কৰাৰ লগতে তেওঁলোকক 'জয় শ্ৰী ৰাম’ ধ্বনি দিবলৈও বাধ্য কৰায়।

      মধ্য প্ৰদেশৰ সিৱনীত তথাকথিত গো–ৰক্ষকৰ এই গুণ্ডামিৰ ঘটনা পোহৰলৈ আহিছে। এখন অট’ত মাংসৰ টোপোলা লৈ গৈ থকা দুজন যুৱক আৰু এগৰাকী মহিলাক কথিত গো–ৰক্ষকে লাঠিৰে বেয়াকৈ মাৰ পিট কৰাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জানিব পৰা মতে মুছলিম যুৱকক মাৰ পিট কৰা ব্যক্তিজন সিৱনীৰ ৰাম সেনাৰ অধ্যক্ষ শুভম বাঘেল। শুভমক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

      ঘটনাটো কি?

      ঘটনাস্থলীত উপস্থিত প্ৰত্যক্ষদৰ্শীয়ে আনকি আৰক্ষীক এই বিষয়ে জনোৱাটো প্ৰয়োজন বুলি নাভাবিলে। সকলোৱে কেৱল নীৰৱ দৰ্শক হৈ চাই ৰ’ল। যেতিয়া আৰক্ষীয়ে এই বিষয়ে জানিব পাৰে তেতিয়া লগে লগে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

      এই ঘটনা দুদিন আগৰ আৰু পোহৰলৈ অহা তথ্য অনুসৰি অট’ত মাংস লৈ গৈ থকা দুজন যুৱক আৰু মহিলাক শুভম আৰু তেওঁৰ সহযোগীসকলে ৰখাই প্ৰশ্ন কৰিবলৈ ধরে। অট’ত মাংস দেখি তেওঁলোকে ধৰি লয় যে সেয়া গো–মাংস আৰু আৰক্ষীক নজনোৱাকৈ মহিলাসহ যুৱক দুজনক গছত বান্ধি মাৰপিট কৰে।

      ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত আৰক্ষীয়ে মাৰপিট কৰা ৫জন ব্যক্তিক নিজৰ জিম্মাত লৈছে। আৰক্ষীয়ে বিদেশী সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি শুভম আগতেও এনে ঘটনাত জৰিত থকাৰ ৰেকৰ্ড আছে।

      ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত স্পষ্ট ড্ৰাইভাৰ, এজন অন্য যুৱক আৰু মহিলাক মাৰ ধৰ কৰাই নহয় তেওঁলোকক জয় শ্ৰীৰাম ক’বলৈও বাধ্য কৰা হৈছে। ড্ৰাইভাৰ আৰু অন্যান্য কেইজনে বাৰে বাৰে এৰি দিবলৈ অনুৰোধ কৰা স্বত্তেও তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈছে। উপস্থিত ৰাইজেও তেওঁলোকক কোনো ধৰনৰ সহায় আগবঢ়োৱা নাই। অত্যাচাৰী ব্যক্তিকেইজনে আনকি মহিলাগৰাকীক লগত যোৱা যুৱকৰ হাতেৰে চেণ্ডেলৰ কোব পৰ্যন্ত খাবলৈ বাধ্য কৰে।

      এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি এআইএমআইএমৰ অধ্যক্ষ অৱেছীয়ে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰে। তেওঁ লিখে নতুন ভাৰতলৈ স্বাগতম।
      First published: