আমেঠিত ৰাহুল গান্ধীৰ মনোনয়নত খেলিমেলিৰ অভিযোগ, প্ৰাৰ্থিত্ব বাতিলৰ দাবী

কংগ্ৰেছ সভাপতি তথা উত্তৰ প্ৰদেশৰ আমেঠি সমষ্টিৰ প্ৰাৰ্থী ৰাহুল গান্ধীৰ মনোনয়নক লৈ সৃষ্টি হৈছে বিতৰ্ক, ৰাহুল গান্ধীয়ে ভুৱা নথি দাখিল কৰাৰ অভিযোগ

news18assam
Updated:April 20, 2019, 5:36 PM IST
আমেঠিত ৰাহুল গান্ধীৰ মনোনয়নত খেলিমেলিৰ অভিযোগ, প্ৰাৰ্থিত্ব বাতিলৰ দাবী
কংগ্ৰেছ সভাপতি তথা উত্তৰ প্ৰদেশৰ আমেঠি সমষ্টিৰ প্ৰাৰ্থী ৰাহুল গান্ধীৰ মনোনয়নক লৈ সৃষ্টি হৈছে বিতৰ্ক, ৰাহুল গান্ধীয়ে ভুৱা নথি দাখিল কৰাৰ অভিযোগ
news18assam
Updated: April 20, 2019, 5:36 PM IST
কংগ্ৰেছ সভাপতি তথা উত্তৰ প্ৰদেশৰ আমেঠি সমষ্টিৰ প্ৰাৰ্থী ৰাহুল গান্ধীৰ মনোনয়নক লৈ সৃষ্টি হৈছে বিতৰ্ক। মনোনয়ন পৰীক্ষণৰ অন্তিম দিনা নিৰ্দলীয় প্ৰাৰ্থী ধ্ৰুৱলাল আৰু বহুজন মুক্তি পাৰ্টীৰ প্ৰাৰ্থী আফজল ৱাৰিছে ৰাহুল গান্ধীৰ মনোনয়ন পত্ৰক লৈ আপত্তি দৰ্শায়। প্ৰাৰ্থী দুগৰাকীয়ে খেলিমেলিৰ অভিযোগ তুলি ৰাহুল গান্ধীৰ মনোনয়ন বাতিল কৰাৰো দাবী জনাইছে।

নিৰ্দলীয় প্ৰাৰ্থী ধ্ৰুৱলালৰ অধিবক্তাৰ অভিযোগ, ৰাহুল গান্ধীয়ে এটা কোম্পানীৰ পঞ্জীয়নৰ সময়ত নিজকে ব্ৰিটিছ নাগৰিক বুলি কৈছিল, সেয়েহে তেওঁ ভাৰতীয় নাগৰিক নহয়। ৰাহুল গান্ধীয়ে ভুৱা নথি দাখিল কৰাৰ অভিযোগ অধিবক্তাজনৰ। লগতে নিৰ্বাচনী বিষয়াক বিভ্ৰান্ত কৰাৰো অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে।

ইফালে, আফজল ৱাৰিছৰ অভিযোগ যে ৰাহুল গান্ধীয়ে মনোনয়ন পত্ৰত যি ষ্টাম্প মাৰিছে সেয়া দিল্লীৰ, তাত মাৰিব লাগিছিল আমেঠিৰ ষ্টাম্প। ইমানেই নহয়, ৰাহুল গান্ধীয়ে শিক্ষাগত অৰ্হতা আৰু অস্থাৱৰ সম্পত্তিৰ হিচাপত খেলিমেলি কৰাৰো অভিযোগ উত্থাপন কৰিছে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে।

বহুজন মুক্তি পাৰ্টীৰ প্ৰাৰ্থীগৰাকীৰ অধিবক্তাই কয় যে ৰাহুল গান্ধীয়ে নিজৰ সম্পত্তিৰ সম্পূৰ্ণ হিচাপ দাখিল কৰা নাই, যিটো আমেঠিৰ জনতা আৰু দেশৰ সৈতে প্ৰতাৰণা। ৰাহুল গান্ধীৰ শপতনামাত থকা অস্থাৱৰ সম্পত্তিৰ ঠাই খালী ৰখা হৈছে বুলি অভিযোগ।

অধিবক্তাগৰাকীয়ে আৰু কয় যে কোম্পানীৰ পৰা যিমান লাভ হয় সেয়া নিৰ্বাচনী শপতনামাত উল্লেখ নাই। ৰাহুলৰ ডিগ্ৰীক লৈও উত্থাপন কৰিছে অভিযোগ। জিলা নিৰ্বাচনী বিষয়াই ৰাহুল গান্ধীক ২২ এপ্ৰিলৰ পুৱা ১১ বজালৈ সময় দিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি