ৰাজনৈতিক মেৰপেছত ফেচবুক! কোন দলক ৰাজনৈতিক ভাবে সহায় কৰে ফেচবুকে? শাসক-বিৰোধীয়ে পৃথকে পৃথকে দিলে অভিযোগ

News18 Assam | News18-Assam
Updated:September 3, 2020, 11:46 PM IST
ৰাজনৈতিক মেৰপেছত ফেচবুক! কোন দলক ৰাজনৈতিক ভাবে সহায় কৰে ফেচবুকে? শাসক-বিৰোধীয়ে পৃথকে পৃথকে দিলে অভিযোগ
দেশৰ ৰাজনীতিত এতিয়া ছচিয়েল মিডিয়াই এক বৃহৎ ভূমিকা পালন কৰিছে। শাসক দল বিজেপিৰ ২০১৪ চনৰ অভূতপূৰ্ব বিজয়ত ফেচবুক আৰু টুইটাৰৰ আছিল অনবদ্য ভূমিকা।

দেশৰ ৰাজনীতিত এতিয়া ছচিয়েল মিডিয়াই এক বৃহৎ ভূমিকা পালন কৰিছে। শাসক দল বিজেপিৰ ২০১৪ চনৰ অভূতপূৰ্ব বিজয়ত ফেচবুক আৰু টুইটাৰৰ আছিল অনবদ্য ভূমিকা।

  • News18 Assam
  • Last Updated: September 3, 2020, 11:46 PM IST
  • Share this:
দেশৰ ৰাজনীতিত এতিয়া ছচিয়েল মিডিয়াই এক বৃহৎ ভূমিকা পালন কৰিছে। শাসক দল বিজেপিৰ ২০১৪ চনৰ অভূতপূৰ্ব বিজয়ত ফেচবুক আৰু টুইটাৰৰ আছিল অনবদ্য ভূমিকা। ৰাজনৈতিক নেতাৰ মনৰ কথা অতি সহজে ভৌগোলিক পৰিসীমা ভেদি ৰিয়েল টাইমত ৰাইজলৈ মাজলৈ নিয়াৰ লগতে, ভোটাৰক প্ৰভাৱিত কৰিবলৈ দল সংগঠন সমূহে ছচিয়েল মিডিয়াৰ ব্যাপক ব্যৱহাৰ কৰিবলৈ লৈছে। ইয়াৰ ফলত বৰ্তমান ভাৰতীয় ৰাজনীতিৰ মেৰপেছত সোমাই পৰিছে মাৰ্ক জোকাৰবাৰ্গৰ ফেচবুক। কংগ্ৰেছ, বিজেপি দুয়োটা দলেই ফেচবুকৰ ওপৰত পক্ষপাত মূলক ভূমিকা লোৱাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াক লৈ কংগ্ৰেছ দল আৰু কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ফেচবুক কৰ্তৃপক্ষলৈ পত্ৰও প্ৰেৰণ কৰিছে।

বৃহস্পতিবাৰে কংগ্ৰেছৰ পত্ৰৰ প্ৰত্যুত্তৰ দিয়া হয় প্ৰতিষ্ঠানটোৰ ফালৰ পৰা। ফেচবুকৰ পাব্লিক পলিচীৰ মুৰব্বী নীল পোটছৰ স্বাক্ষৰিত পত্ৰখনত ফেচবুকে তেনে অভিযোগ খণ্ডন কৰিছে। তেওঁ পত্ৰৰ যোগেদি কয় – ‘২০২০ চনৰ এপ্ৰিল আৰু জুন মাহৰ ভিতৰত প্ৰতিষ্ঠানটোৱে সমগ্ৰ বিশ্বত ২ কোটি ২৫ লাখ বৈষম্যমূলক মন্তব্য ফেচবুকৰ পৰা আঁতৰাইছে। ফেচবুকৰ নিজা বিশেষজ্ঞৰ দলে অহৰহ ব্যৱহাৰকাৰীৰ তেনে মন্তব্যসমূহ নিৰীক্ষণ কৰি থাকে বুলিও উল্লেখ কৰা আছে পত্ৰখনত।

আনহাতে বুধবাৰে তথ্য প্ৰযুক্তিৰ সংসদীয় কমিটীয়ে ফেচবুক ইণ্ডিয়াৰ কৰ্তৃপক্ষক তলব কৰে। ফেচবুক ইণ্ডিয়াৰ পৰিচালন সঞ্চালক অজিত মোহনক কমিটীৰ অধ্যক্ষ শশী থৰুৰ আৰু আন সদস্য সকলে বহুকেইটা প্ৰশ্ন কৰে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকত ফেচবুক ইণ্ডিয়াই জ্ঞাতসাৰে বিজেপি নেতাই বিভেদকামী আচৰণ কৰি ফেচবুকত কৰা মন্তব্যৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাতৰি প্ৰকাশ পাইছিল। এই বাতৰিৰ ভিত্তিতে সংসদীয় কমিটীয়ে অজিত মোহনক তলব কৰিছিল।

ইফালে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদেও ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জোকাৰবাৰ্গলৈ পত্ৰ প্ৰেৰণ কৰিছে। মন্ত্ৰীগৰাকীয়ে ২০১৯ চনৰ নিৰ্বাচনত ফেচবুকে ‘Right-Of-Centre’ চিন্তাধাৰাত বিশ্বাসী লোক সকলৰ পেজ ডিলিট কৰাৰ লগতে পেজ বোৰৰ ‘Reach’ কমাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। তথ্য পুনৰীক্ষণৰ কাৰণে ফেচবুকে নিয়োগ কৰা প্ৰতিষ্ঠানসমূহে ৰাজনৈতিক ভাৱে একপক্ষীয় হোৱাৰো অভিযোগ উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। অৱশ্যে এই পত্ৰৰ এতিয়ালৈকে প্ৰত্যুত্তৰ দিয়া নাই ফেচবুকে।

২০১৮ চনৰ মার্চ মাহত মাৰ্ক জোকাৰবাৰ্গে যুক্তৰাষ্ট্ৰ কংগ্ৰেছৰ (US Congress) সন্মুখত অপৰাধ স্বীকাৰ কৰি ক্ষমা খুজিছল। তেওঁৰ অপৰাধটো আছিল ‘Third Party Cambridge Analytica’ ক ফেচবুকৰ যোগেদি আমেৰিকাবাসীৰ ‘Psychometri’c বিশ্লেষণ কৰিবলৈ সুবিধা কৰি দিছিল। যি ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰিছিল বুলি সন্দেহ কৰা হৈছিল।
Published by: Himangshu Bhuyan
First published: September 3, 2020, 11:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading