মুখ্যপৃষ্ঠা »খবৰ »দেশ »এগৰাকী যুৱতীৰ ফটোৱেই নৰেন্দ্ৰ গিৰিৰ জীৱন ত্যাগৰ কাৰণ নেকি? ছুইচাইড নোটত কাক দোষাৰূপ কৰিলে আনন্দ গিৰিয়ে?

এগৰাকী যুৱতীৰ ফটোৱেই নৰেন্দ্ৰ গিৰিৰ জীৱন ত্যাগৰ কাৰণ নেকি? ছুইচাইড নোটত কাক দোষাৰূপ কৰিলে আনন্দ গিৰিয়ে?

 ছুইচাইড নোটত এইটোও লিখা আছে যে, আত্মহত্যাৰ চেষ্টা তেওঁ ১৩ ছেপ্তেম্বৰতো কৰিছিল।

ছুইচাইড নোটত এইটোও লিখা আছে যে, আত্মহত্যাৰ চেষ্টা তেওঁ ১৩ ছেপ্তেম্বৰতো কৰিছিল।

  • Share this:
অখিল ভাৰতীয় আখাড়া পৰিষদৰ অধ্যক্ষ মহন্ত নৰেন্দ্ৰ গিৰিৰ ছুইচাইড নোটত উল্লেখ কৰা মতে, তেওঁ আত্মহত্যাৰ সিদ্ধান্ত এইকাৰণেই ল'লে যে, তেওঁৰ শিষ্য, স্বামী আনন্দ গিৰিয়ে এগৰাকী যুৱতীৰ ফটোৰ লগত নৰেন্দ্ৰ গিৰিৰ ফটো সংযোগ কৰি ব্লেকমেইল কৰি আছিল।

মহন্ত নৰেন্দ্ৰ গিৰিয়ে ছুইচাইড নোটত লিখে যে, 'মই গোটেই জীৱন সন্মান সহকাৰে জীয়াই থাকিলো। যদি এই ফটোখন ওলাই যায়, মই সমাজত সন্মান সহ জীয়াই থাকিব নোৱাৰিম। গতিকে তাতকৈ এতিয়াই জীৱন ত্যাগ কৰাই ভাল।' ছুইচাইড নোটত এইটোও লিখা আছে যে, আত্মহত্যাৰ চেষ্টা তেওঁ ১৩ ছেপ্তেম্বৰতো কৰিছিল।



আৰক্ষীৰ ওচৰত থকা ছুইচাইড নোটত মহন্ত নৰেন্দ্ৰ গিৰিয়ে লিখিছিল যে, 'আনন্দ গিৰিৰ বাবে মই আজি বিচলিত হৈ পৰিছো। হৰিদ্বাৰৰ পৰা খবৰ পোৱা গৈছিল যে, আনন্দে কম্পিউটাৰৰ জৰিয়তে এজনী ছোৱালীৰ সৈতে মোৰ ফটো যোগ কৰি ফটোখন ভাইৰেল কৰিবলৈ চেষ্টা কৰি আছে। মই ভাবিছিলো যে, এবাৰ যদি বদনামত পৰো, কেতিয়াও তাৰ পৰা উদ্ধাৰ হব নোৱাৰিম। বদনামত পৰিলে মোৰ পদ মৰ্যদা নাইকীয়া হৈ যাব। গতিকে মৃত্যুৱেই শ্ৰেষ্ঠ। মই মৰাৰ পিছত সত্য পোহৰলৈ আহিব।' লগতে, নৰেন্দ্ৰ গিৰিয়ে লিখিছিল যে, মই যি সন্মানেৰে জীয়াই আছো, যদি মোক বদনামত পৰো, সমাজত কিদৰে জীয়াই থাকিম। গতিক মৃত্যুৱেই শ্ৰেষ্ঠ।

শেহতীয়া বাতৰি