உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ‘ভষ্মাসূৰ জন্ম নিদিব’,  অপৰাধীক প্ৰশ্ৰয় দিয়া ৰাজনৈতিক দলক কঠোৰ সকীয়নি উচ্চ ন্যায়ালয়ৰ

    ‘ভষ্মাসূৰ জন্ম নিদিব’,  অপৰাধীক প্ৰশ্ৰয় দিয়া ৰাজনৈতিক দলক কঠোৰ সকীয়নি উচ্চ ন্যায়ালয়ৰ

    ২০২০ চনত ৩ মাৰ্চত বিকাশ ডুবেৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা ৮ গৰাকী আৰক্ষীক বিক্ৰু গাঁৱত নৃশংস ভাৱে হত্যা কৰা হৈছিল।

    ২০২০ চনত ৩ মাৰ্চত বিকাশ ডুবেৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা ৮ গৰাকী আৰক্ষীক বিক্ৰু গাঁৱত নৃশংস ভাৱে হত্যা কৰা হৈছিল।

    ২০২০ চনত ৩ মাৰ্চত বিকাশ ডুবেৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা ৮ গৰাকী আৰক্ষীক বিক্ৰু গাঁৱত নৃশংস ভাৱে হত্যা কৰা হৈছিল।

    • Share this:
    ৰাজনৈতিক দলসমূহত গুণ্ডা আৰু অপৰাধীৰ দপদপনিক লৈ উদ্বেগ প্ৰকাশ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে মঙলবাৰে কয় যে এই অপৰাধীসকলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট দিয়া হয় আৰু বিভিন্ন সময়ত তেওঁলোক জয়ী হৈ দুৰ্নীতিগ্ৰস্ত জনপ্ৰতিনিধি হয়, সেয়েহে যিমান সোনকালে সম্ভৱ এই স্থিতি নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।

    কানপুৰৰ বিক্ৰু গোচৰত SHO বিনয় কুমাৰ তিৱাৰী আৰু SI কে শৰ্মাৰ জামিন আবেদন নাকচ কৰি ন্যায়াধীশ প্ৰদীপ কুমাৰ শ্ৰীবাস্তৱে এই মন্তব্য কৰে। তেওঁ লগতে কয় যে, "আৰক্ষীয়ে অভিযুক্তগৰাকীক সুৰক্ষা দিয়াৰ চেষ্টা কৰিছিল। আৰক্ষীয়ে গেংষ্টাৰ বিকাশ ডুবেৰ সৈতে গোপনে সম্পৰ্ক ৰাখিছিল।"

    উল্লেখযোগ্য ২০২০ চনত ৩ মাৰ্চত বিকাশ ডুবেৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা ৮ গৰাকী আৰক্ষীক বিক্ৰু গাঁৱত নৃশংস ভাৱে হত্যা কৰা হৈছিল। উত্তৰ প্ৰদেশ আৰক্ষীৰ এই গোপন অভিযানৰ বিষয়ে SHO বিনয় কুমাৰ তিৱাৰী আৰু SI কে শৰ্মাই আগতীয়াকৈ গেংষ্টাৰ বিকাশ ডুবেক খবৰ দিছিল ফলত অপৰাধীৰ এম্বুশ্বত ভৰি দি ৮জন আৰক্ষীয়ে প্ৰাণ হেৰুৱাইছিল।

    সকলো ৰাজনৈতিক দলেই অপৰাধীক প্ৰশ্ৰয় দিয়ে:

    এলাহাবাদ উচ্চ ন্যায়ালয়ে লগতে কয় যে, "প্ৰায়বোৰ ৰাজনৈতিক দলেই অপৰাধীক প্ৰশ্ৰয় দিয়ে যিটো দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিষয়ে অতি চিন্তাজনক। সেয়ে সকলো ৰাজনৈতিক দলেই অপৰাধীক প্ৰত্যাখান কৰাৰ সমূহীয়া সিদ্ধান্ত লোৱা উচিত।"

    ভষ্মাসূৰ জন্ম নিদিব:

    উচ্চ ন্যায়ালয়ে ৰাজনৈতিক দলসমূহক সকীয়নি প্ৰদান কৰি কয়, "অপৰাধীসমূহক লৈ ৰাজনীতি নকৰিব। এইজন আমাৰ দলৰ গুণ্ডা সেইজন সিহঁতৰ দলৰ গুণ্ডা এই মনোভাৱ লৈ ৰাজনীতি কৰা বাদ দিয়ক। কাৰণ অপৰাধীয়ে সদায় অপৰাধকে প্ৰশ্ৰয় দিয়ে। অপৰাধীবোৰ ভষ্মাসূৰৰ নিচিনা। কেতিয়াবা অপৰাধীবোৰ নিজৰ দলৰ বাবেই ভয়ংকৰ হৈ পৰিব।"

    আনহাতে ৮ জন আৰক্ষী জোৱানৰ মৃত্যুৰ বাবে দায়ী দুগৰাকী আৰক্ষী বিষয়াক ককৰ্থনা কৰি আদালতে কয়, "তেঁওলোক নিজৰ বিভাগটোতকৈ অপৰাধীৰ প্ৰতিহে দায়বদ্ধ আছিল। তেওঁলোকে কেৱল অভিযানৰ খবৰ দিয়া নাছিল লগতে নিজ বিভাগৰে আৰক্ষীক আক্ৰমণৰ বাবেও উচতনি দিছিল।"
    Published by:Sanjay Kumar Das
    First published: