• Home
  • »
  • News
  • »
  • nation
  • »
  • Taj Mahal: তাজমহলৰ আঁৰৰ সত্য উদঘাটন নহ'ব! খোলা নহয় বন্ধ হৈ থকা ২২টা কোঠা!

Taj Mahal: তাজমহলৰ আঁৰৰ সত্য উদঘাটন নহ'ব! খোলা নহয় বন্ধ হৈ থকা ২২টা কোঠা!

Taj Mahal: এলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে তাজমহলৰ আঁৰত থকা "প্ৰকৃত সত্য" বিচাৰি উলিওৱাৰ বাবে এখন সমিতি গঠন কৰাৰ আবেদন এটা "ন্যায়সঙ্গত" (justiciable) বিষয় নহয়। "

  • Share this:
তাজমহল (Taj Mahal)ৰ "ইতিহাস" আৰু ইয়াৰ ২২টা বন্ধ কোঠাৰ দুৱাৰ খোলাৰ তথ্য অনুসন্ধান বিচাৰি কৰা আৱেদনখন আজি এলাহাবাদ উচ্চ ন্যায়ালয়ে (Allahabad High Court) নাকচ কৰে। ইণ্ডিয়া টুডেৰ মতে, আদালতে কয় যে তাজমহলৰ আঁৰত থকা "প্ৰকৃত সত্য" বিচাৰি উলিওৱাৰ বাবে এখন সমিতি গঠন কৰাৰ আবেদন এটা "ন্যায়সঙ্গত" (justiciable) বিষয় নহয়।

"কোঠাবোৰ খোলাৰ সন্দৰ্ভত প্ৰাৰ্থনাৰ বাবে, ঐতিহাসিক গৱেষণাত এক সঠিক পদ্ধতি (methodology) অন্তৰ্ভুক্ত কৰা উচিত। এইটো বুৰঞ্জীবিদসকলৰ ওপৰত এৰি দিয়া উচিত," বুলি ন্যায়ালয়ে লগতে কয়।

এলাহাবাদ উচ্চ ন্যায়ালয়ত বিজেপি নেতা ৰজনীশ সিঙে (BJP leader Rajneesh Singh) এই আবেদনখন দাখিল কৰিছিল।
Published by:Manjumoni Borah
First published: