১৪ বছৰৰ পিছত অযোধ্যাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ৰায়, ৪জনক যাৱজ্জীৱন কাৰাদণ্ড, এজন ৰেহাই
News18-Assam Updated:June 18, 2019, 5:16 PM IST

পঞ্চমজন অভিযুক্ত মহম্মদ আজিজক ৰেহাই দিয়ে আদালতে। এই ৰায়ৰ পিছতে উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।
পঞ্চমজন অভিযুক্ত মহম্মদ আজিজক ৰেহাই দিয়ে আদালতে। এই ৰায়ৰ পিছতে উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।
- News18 Assam
- Last Updated: June 18, 2019, 5:16 PM IST
উল্লেখযোগ্য যে ন্যায়াধীশ দীনেশ চন্দ্ৰৰ আদালতে ১১ জুনত দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত সংৰক্ষিত ৰাখিছিল ৰায়। সন্ত্ৰাসবাদী সংগঠন লস্কৰ–ই–তৈবাই এই আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণত ৰমেশ চন্দ্ৰ পাণ্ডেয় আৰু শান্তি দেৱী নামৰ দুগৰাকী পৰ্যটকৰ লগতে ৭জন লোক নিহত হৈছিল। ইয়াৰ ভিতৰত আছিল ৫ সন্ত্ৰাসবাদী, যিসকল আৰক্ষীৰ গুলীত নিহত হৈছিল। এই আক্ৰমণত চি আৰ পি এফ আৰু পি এ চিৰ ৭ জোৱান গুৰুতৰভাৱে আহত হৈছিল।
মৃত সন্ত্ৰাসবাদীকেইটাৰ পৰা জব্দ হোৱা ম’৸বাইল ছিমৰ তদন্ত কৰাৰ পিছত ৫ অভিযুক্ত আছিফ ইকবাল ওৰফে ফাৰুক, মহম্মদ ছাকিল, মহম্মদ আজিজ আৰু মহম্মদ নাছিমৰ নাম পোহৰলৈ আহিছিল। ২০০৫ চনৰ ২৮ জুলাইত গ্ৰেপ্তাৰ কৰা হৈছিল এই অভিযুক্তকেইটাক। আন এজন সহযোগী ডাঃ ইৰফানক ইয়াৰ ৬ দিন পূৰ্বে ২২ জুলাইত গ্ৰেপ্তাৰ কৰা হৈছিল। এই আটাইকেইটা অভিযুক্তই আক্ৰমণৰ পৰিকল্পনা ৰচনা কৰাৰ লগতে অস্ত্ৰ–শস্ত্ৰ গোটাইছিল।