নতুন বছৰৰ প্ৰাকক্ষণত ৰিলায়েন্স জিঅ'ৰ উপহাৰ। অহা ১ জানুৱাৰীৰ পৰা বিনামূলীয়া হ'ব জিঅ'ৰ পৰা অন্য নেটৱৰ্কলৈ ভইচ কল। এই সন্দৰ্ভত বৃহস্পতিবাৰে ৰিলায়েন্স জিঅ'ৰ ফালৰ পৰা জনোৱা হয় যে, অহা ১ জানুৱাৰীৰ পৰা পূৰ্বৰ দৰে 'off-net domestic voice calls'- সম্পূৰ্ণ বিনামূলীয়া হ'ব। দেশৰ সৰ্ববৃহত্ টেলিকম প্ৰতিষ্ঠানটোৱে ট্ৰাইৰ নিৰ্দেশনাৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত এতিয়া গ্ৰাহকে জিঅ'ৰ পৰা এয়াৰটেল, ভোডাফোন-আইডিয়া, বিএছএনএল নেটৱৰ্কৰ সৈতে আনলিমিটেড কলিঙৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।
বছৰৰ শেষত সংস্থাৰ ফালৰ পৰা জনোৱা হৈছে যে, ‘IUC চাৰ্জ শেষ। প্ৰতিশ্ৰুতি মতেই ২০২১ৰ জানুৱাৰী মাহৰ পৰা ডোমেষ্টিক ভইচ কলৰ বাবে জিৰ' চাৰ্জ লাগিব। আকৌ এবাৰ অফনেটৰ সমস্ত ভইচ কলৰ সুবিধা বিনামূলীয়াকৈ গ্ৰহণ কৰিব পাৰিব গ্ৰাহকে।
জিঅ' নেটৱৰ্কৰ On-net domestic voice calls সদায় ফ্ৰী।
![]()
উল্লেখ্য যে, জিঅ' নেটৱৰ্কত পূৰ্বৰে পৰা আন-লিমিটেড কলিঙৰ সুবিধা আছে। অন্য নেটৱৰ্কলৈ কল কৰিবলৈ প্লেনৰ হিচাপত নন-জিঅ মিনটৰ্চ দিয়া হৈছিল। দৰাচলতে, ২০১৯ত ট্ৰাইৰ এক নিৰ্দেশনাৰ ভিত্তিত ২০২০ৰ জানুৱাৰী মাহত IUC চাৰ্জ লগাইছিল জিঅ'ই। IUCৰ বাবে জিঅ'ই নিজৰ গ্ৰাহকে অন্য নেটৱৰ্কলৈ কল কৰিলে প্ৰতি মিনিটত ৬ পইচাৰ চাৰ্জ লগাইছিল। IUC চাৰ্জ বলবত্ কৰাৰ সময়তে জিঅই নিজৰ গ্ৰাহকক প্ৰতিশ্ৰুতি দিছিল যে, ট্ৰাইৰ ফালৰ পৰা এই শুল্ক উঠাই দিলে পুনৰ বিনামূলীয়া কৰি দিয়া হ'ব সেৱা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|