অমিতাভ–অভিষেক পজিটিভ, কি আহিল ঐশ্বৰ্য–জয়া–আৰাধ্যাৰ কোৰোণা টেষ্টৰ ফলাফল?

News18 Assam | News18-Assam
Updated:July 12, 2020, 7:49 AM IST
অমিতাভ–অভিষেক পজিটিভ, কি আহিল ঐশ্বৰ্য–জয়া–আৰাধ্যাৰ কোৰোণা টেষ্টৰ ফলাফল?
শনিবাৰে নিশা প্ৰথমে অমিতাভ বচ্চন আৰু পিছত অভিষেক বচ্চনৰ কোভিড–১৯ টেষ্টৰ ৰিপ’ৰ্ট পজিটিভ আহে।

শনিবাৰে নিশা প্ৰথমে অমিতাভ বচ্চন আৰু পিছত অভিষেক বচ্চনৰ কোভিড–১৯ টেষ্টৰ ৰিপ’ৰ্ট পজিটিভ আহে।

  • Share this:
যোৱানিশা কোভিড–১৯ত আক্ৰান্ত হয় বলীউদৰ মেগাষ্টাৰ অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চন। দুয়োগৰাকীকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত। অমিতাভ–অভিষেকৰ বাদে পৰিয়ালৰ আন সদস্যসকলৰ কোৰোণা টেষ্টৰ ফলাফল আহিছে নিগেটিভ। ঐশ্বৰ্য ৰায় বচ্চন, আৰাধ্যা বচ্চন আৰু জয়া বচ্চনৰ কোৰোণা ভাইৰাছ এণ্টিজেন টেষ্টৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে। বিশেষ সূত্ৰত প্ৰকাশ পাইছে এই খবৰ।

ইফালে, শনিবাৰে নিশা প্ৰথমে অমিতাভ বচ্চন আৰু পিছত অভিষেক বচ্চনৰ কোভিড–১৯ টেষ্টৰ ৰিপ’ৰ্ট পজিটিভ আহে। দুয়োগৰাকীকে মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। লক্ষণ দেখাৰ পিছতে তেওঁলোকক হাস্পতাললৈ স্থানান্তৰ কৰা হয়।

নিজৰ কোৰোণা টেষ্টৰ ৰিপ’ৰ্টৰ বিষয়ে টুইটাৰযোগে প্ৰকাশ কৰে বিগ বি অমিতাভ বচ্চনে। তেওঁ টুইটাৰত লিখিছে, ‘মোৰ কোৰোণা ভাইৰাছ পজিটিভ আহিছে, হাস্পতালত ভৰ্তি কৰোৱা হৈছে। হাস্পতালে প্ৰশাসনক জনাই আছে। পৰিয়াল আৰু ষ্টাফৰো টেষ্ট কৰা থকা হৈছে, ফলাফল আহিবলৈ বাকী আছে। বিগত ১০ দিনত মোৰ সংস্পৰ্শলৈ অহা সকলোকে অনুৰোধ, সকলোৱে নিজৰ পৰীক্ষা কৰাওক।’

আনফালে, অভিষেক বচ্চনেও শনিবাৰে বিগ বিৰ লগতে নিজৰ কোৰোণা পজিটিভ হোৱাৰ খবৰ টুইটাৰযোগে প্ৰকাশ কৰে। তেওঁ লগতে জনায় যে বি এম চিৰ সৈতে সকলো সময়তে যোগাযোগ ৰাখিছে তেওঁলোকে।
Published by: Sanjay Kumar Das
First published: July 12, 2020, 7:46 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading