প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জম্মু-কাশ্মীৰৰ ৰাজনৈতিক দলসমূহৰ গুৰুত্বপূৰ্ণ বৈঠক সমাপ্ত হৈছে। সূত্ৰ অনুসৰি, কেন্দ্ৰই বৈঠকত আশ্বাস দিছে যে কেন্দ্ৰ কাশ্মীৰৰ উন্নয়ন আৰু নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা গুলাম নবী আজাদে এই বৈঠকত কয় যে ৰাজ্যখনৰ বিশেষাধিকাৰ যিদৰে ভংগ কৰা হৈছিল, সেয়া উচিত পন্থা নাছিল। কংগ্ৰেছ নেতাগৰাকীয়ে বৈঠকত ৫টা দাবী উত্থাপন কৰে। প্ৰথমতে তেওঁ জম্মু–কাশ্মীৰক সোনকালে ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী তোলে, দ্বিতীয়তে গণতন্ত্ৰ পুনৰুদ্ধাৰৰ স্বাৰ্থত বিধানসভা নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবী কৰে, তৃতীয়তে অধিবাসীৰ প্ৰমাণ পত্ৰ (Domicile Certificates) বিশেষকৈ চাকৰি আৰু ভূমিৰ ক্ষেত্ৰত, চতুৰ্থতে কাশ্মীৰী পণ্ডিতসকল ৩০ বছৰে ৰাজ্যৰ বাহিৰত আছে, তেওঁলোকক পুনৰ ঘূৰাই অনা উচিত, পঞ্চমতে ৰাজনৈতিক বন্দীসকলক মুকলি কৰিব লাগে।
আনহাতে এই সৰ্বদলীয় বৈঠকত সকলো পক্ষই মত পোষণ কৰে যে জম্মু আৰু কাশ্মীৰত শান্তি বাহাল থাকিব লাগে। বিজেপি নেতা নিৰ্মল সিঙে কয়, জম্মু-কাশ্মীৰত শান্তি থাকিব লাগে বুলি সকলো দলৰ অভিমত। গণতান্ত্ৰিকভাৱে এখন চৰকাৰ গঠন হওক। এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে সকলোকে আহ্বান জনাই যে শান্তি তেতিয়াহে আহিব যেতিয়া সকলোৱে একেলগে কাম কৰে। মোদীয়ে কয়– হৃদয়ৰ দূৰত্ব আৰু দিল্লীৰ দূৰত্ব দূৰ কৰিব লাগিব।
Today’s meeting with political leaders from Jammu and Kashmir is an important step in the ongoing efforts towards a developed and progressive J&K, where all-round growth is furthered. pic.twitter.com/SjwvSv3HIp
— Narendra Modi (@narendramodi) June 24, 2021
নিৰ্মল সিঙে কয় যে ৰাজ্যখনৰ সীমা নিৰ্ধাৰণ কৰাৰ পিছত সকলো আন প্ৰক্ৰিয়া আগুৱাই নিয়া হ'ব। বৈঠকক লৈ কংগ্ৰেছ নেতা গোলাম আহমেদ মীৰে কয় যে এয়া এখন শান্তিপূৰ্ণ বৈঠক আৰু এটা ভাল প্ৰচেষ্টা। প্ৰধানমন্ত্ৰীয়ে সকলো নেতাৰ কথা মনোযোগেৰে শুনিছিল।
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয়– 'আমি ৫ আগষ্ট, ২০১৯ত সংঘটিত ঘটনাটো সমৰ্থন নকৰো। কিন্তু আমি ইয়াৰ বাবে আইন হাতত ল'ব নোৱাৰো। আমি আদালতত যুঁজিম। আমি প্ৰধানমন্ত্ৰীক এইটোও কৈছিলো যে ৰাজ্য আৰু কেন্দ্ৰৰ ওপৰত বিশ্বাস ভংগ হৈছে। এই বিশ্বাস পুনৰুদ্ধাৰ কৰাটো কেন্দ্ৰৰ দায়িত্ব।'
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|