• Home
  • »
  • News
  • »
  • nation
  • »
  • All Party Meeting: সৰ্বদলীয় বৈঠকত বিৰোধীয়ে উলিয়ালে পেগাচাছ, MSPৰ প্ৰসংগ, ৩১ ৰাজনৈতিক দলৰ ৪২ নেতা উপস্থিত

All Party Meeting: সৰ্বদলীয় বৈঠকত বিৰোধীয়ে উলিয়ালে পেগাচাছ, MSPৰ প্ৰসংগ, ৩১ ৰাজনৈতিক দলৰ ৪২ নেতা উপস্থিত

সৰ্বদলীয় বৈঠকত কমেও ১৫-২০টা বিষয়ত আলোচনা কৰা হৈছিল।

সৰ্বদলীয় বৈঠকত কমেও ১৫-২০টা বিষয়ত আলোচনা কৰা হৈছিল।

সৰ্বদলীয় বৈঠকত কমেও ১৫-২০টা বিষয়ত আলোচনা কৰা হৈছিল।

  • Share this:

সংসদৰ শীতকালীন অধিৱেশন (Parliament Winter Session)ৰ পূৰ্বে দেওবাৰে চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠক ((All Party Meeting)ত বেছিভাগ বিৰোধী দলে পেগাচাছ (Pegasus) গুপ্তচৰবৃত্তি বিবাদ, মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যা সন্দৰ্ভত আলোচনাৰ দাবী জনায়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও বৈঠকত জড়িত থকাৰ খবৰ পোৱা গৈছিল যদিও বিশেষ কাৰণত বৈঠকত উপস্থিত থাকিব নোৱাৰিলে। তেওঁৰ সলনি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh) বৈঠকত অধ্যক্ষ ৰূপে উপস্থিত থাকে।


আজি ৩১টা ৰাজনৈতিক দলকে ধৰি ৪২গৰাকী নেতাই সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰে। প্ৰায় তিনি ঘণ্টা ধৰি চলি থকা বৈঠকখনত ভিন্ন বিষয়ত বিতংভাৱে আলোচনা কৰা হয়। তৃণমূল কংগ্ৰেছৰ নেতা সুদীপ বন্দোপাধ্যায় আৰু ডেৰেক অ'ব্ৰায়েনে ন্যূনতম সমৰ্থন মূল্য (MSP)ৰ বিষয়টো উত্থাপন কৰে।


৭০০গৰাকী মৃত কৃষকৰ আত্মীয়ক ক্ষতিপূৰণৰ দাবী


ৰাজ্যসভা(Rajya Sabha)ৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে (Mallikarjun Kharge)ই কয়, "বৈঠকৰ সকলো দলে কৃষকৰ বিষয়ত, বিশেষকৈ এমএছপি আইন আৰু বিদ্যুৎ আইনৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। তদুপৰি, ৭০০গৰাকী কৃষকৰ পৰিয়ালে ক্ষতিপূৰণ পোৱা উচিত।' তেওঁ লগতে কোভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ ৰোধক লৈ চৰকাৰে ব্যৱস্থা লোৱা উচিত বুলি মত পোষণ কৰে।


জানিবলৈ পোৱা মতে, সৰ্বদলীয় বৈঠকত কমেও ১৫-২০টা বিষয়ত আলোচনা কৰা হৈছিল। সকলো পক্ষই কেন্দ্ৰীয় চৰকাৰক এমএছপি আৰু বিদ্যুৎ বিলৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ লগতে এমএছপি আইন প্ৰণয়ন কৰাৰ ওপৰত মত পোষণ কৰে।


সৰ্বদলীয় বৈঠকৰ পিছত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে সৰ্বদলীয় বৈঠকত চৰকাৰে সকলো পক্ষকে সদনৰ কাম-কাজ আৰম্ভ কৰাৰ বাবে আহ্বান জনায়। উল্লেখ্য, সংসদৰ অধিৱেশনৰ প্ৰাকমুহূৰ্তত এই বৈঠকত উপস্থিত থকা বিশিষ্ট বিৰোধী নেতাসকলৰ ভিতৰত আছে কংগ্ৰেছৰ মল্লিকাৰ্জুন খাৰ্গে, অধীৰ ৰঞ্জন চৌধুৰী আৰু আনন্দ শৰ্মা, দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমৰ টি আৰ বালু আৰু তিৰুচি শিৱ, এনচিপিৰ পৰা শাৰদ পাৱাৰ, শিৱসেনাৰ বিনায়ক ৰাউত, সমাজবাদী পাৰ্টীৰ ৰাম গোপাল ৰাউত, বিএছপিৰ পৰা সতীশ মিশ্ৰা, বিজু জনতা দলৰ প্ৰসন্ন আচাৰ্য আৰু নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লা। সংসদৰ শীতকালীন অধিৱেশন সোমবাৰে আৰম্ভ হ'ব আৰু ২৩ ডিচেম্বৰলৈকে চলিব।


  Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published: