সংক্ৰমিত ৰোগ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পদক্ষেপ,দেশৰ প্ৰতিখন জিলাত স্থাপন কৰা হ’ব বিশেষ চিকিত্‍সালয়

News18 Assam | News18-Assam
Updated:May 17, 2020, 2:35 PM IST
সংক্ৰমিত ৰোগ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পদক্ষেপ,দেশৰ প্ৰতিখন জিলাত স্থাপন কৰা হ’ব বিশেষ চিকিত্‍সালয়
দেওবাৰে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ সন্দৰ্ভত অন্তিমখন সংবাদমেল সম্বোধন কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

দেওবাৰে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ সন্দৰ্ভত অন্তিমখন সংবাদমেল সম্বোধন কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

  • Share this:
দেওবাৰে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ সন্দৰ্ভত অন্তিমখন সংবাদমেল সম্বোধন কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। চতুৰ্থ দিনা বিত্তমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, আন্তৰ্জাতিক বজাৰত কঠিন পৰিস্থিতিৰ মুখামুখী হ’ব পৰাকৈ ভাৰতবৰ্ষক গঢ়ি তুলা হ’ব।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৭টা বিশেষ বিষয় সন্দৰ্ভত আজিৰ সংবাদমেল সম্বোধন কৰে। তাৰে ভিতৰত উল্লেখযোগ্য হ’ল স্বাস্থ্য খণ্ড। কোৰোণাৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতত ভৱিষ্যতে সংক্ৰমিত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াটো অতি জৰুৰী। এই ক্ষেত্ৰত এতিয়া চিন্তা চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

আজিৰ বৈঠকত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, ‘দেশৰ প্ৰতিখন জিলাত, প্ৰতিখন সৰু বৰ চহৰত এখনকৈ সংক্ৰামক ৰোগ প্ৰতিৰোধৰ বাবে চিকিত্‍সালয় নিৰ্মাণ কৰা হ’ব। যাতে কেৱল কোৰোণা বুলিয়েই নহয়, যিকোনো ধৰণৰ সংক্ৰামক ৰোগৰ পৰা দেশবাসীক ৰক্ষা পৰিব পাৰে।

লগতে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, ‘সকলো জিলাতে এখনকৈ পাব্লিক হেলথ লেৱৰেটৰী গঢ়ি তুলা হ’ব। আনকি প্ৰতিটো ব্লকতে এখনকৈ পাব্লিক হেলথ ইউনিট নিৰ্মাণ কৰা হ’‍‍‍ব। যিয়ে কোৰোণা মহামাৰীৰ বিৰুদ্ধে মোকাবিলা কৰাত সহজ কৰি তুলিব।’
First published: May 17, 2020, 2:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি