'বেংগলী মানেই বাংলাদেশী'- দুৰ্গোৎসৱৰ বতৰত মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ জাতিদ্বেষী পোষ্টাৰিং, প্ৰতিক্ৰিয়াৰ পিছত গুচালে আৰক্ষীয়ে

News18 Assam | News18-Assam
Updated:October 21, 2020, 11:17 PM IST
'বেংগলী মানেই বাংলাদেশী'- দুৰ্গোৎসৱৰ বতৰত মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ জাতিদ্বেষী পোষ্টাৰিং, প্ৰতিক্ৰিয়াৰ পিছত গুচালে আৰক্ষীয়ে
নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হ’ব বুলি ঘোষণাৰ পিছতে খাচী ছাত্ৰ সন্থাৰ বেংগলী বিৰোধী অভিযান

নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হ’ব বুলি ঘোষণাৰ পিছতে খাচী ছাত্ৰ সন্থাৰ বেংগলী বিৰোধী অভিযান

  • Share this:
মেঘালয়ত চলিছে বিশেষ পোষ্টাৰিং। নাগৰিকত্ব সংশোধনী আইন বলৱত্‍ হ’ব বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে ঘোষণা কৰাৰ পিছতে পাহাৰীয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপক হাৰত বেংগলী বিদ্বেষী পোষ্টাৰিং। আনকি ৰাজ্যখনৰ সাধাৰণ লোকেও সহযোগ কৰিছে খাচী ছাত্ৰ সন্থাৰ এনে কৰ্ম-কাণ্ডক।



‘বেংগলী মানেই বাংলাদেশী’-লিখা বিভিন্ন বেংগলী বিদ্বেষী পোষ্টাৰিং কৰিছে মেঘালয়ৰ খাচী ছাত্ৰ সন্থাই। আনকি মেঘালয়ৰ লুছাই হিনীওটাৰ হত্যাৰ বাবেও বাংলাভাষীকে জগৰীয়া কৰিছে সংগঠনটোৱে। অসম, মেঘালয় আৰু ত্ৰিপুৰাত বাংলাভাষী লোকে অত্যাচাৰ চলাই থকা বুলি অভিযোগ আনি এই কাৰ্য বন্ধ কৰাৰ আহ্বানেৰে সংগঠনটোৱে কৰিছে পোষ্টাৰিং।



ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত ৰাজ্যখনৰ আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ পোষ্টাৰ সমূহ আঁতৰাই দিছে।



ইফালে ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিলচৰৰ সাংসদ ডা০ ৰাজদ্বীপ ৰয়ে। খাচী ছাত্ৰ সন্থাক এনেদৰে সাম্প্ৰদায়িক কাম-কাজৰ পৰা বিৰত থাকি শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনাইছে সংগঠনটোৱে। সেইদৰে ঘটনাৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাকো বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।
Published by: Himangshu Bhuyan
First published: October 21, 2020, 11:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading