মণিপুৰত বিজেপিৰ সংকটমোচকৰ ৰূপত ডঃ হিমন্ত বিশ্ব শৰ্মা, সমৰ্থন প্ৰত্যাহাৰ কৰা ৪ NPP বিধায়কক লৈ উৰা মাৰিলে দিল্লীলৈ

News18 Assam | News18-Assam
Updated:June 23, 2020, 11:03 PM IST
মণিপুৰত বিজেপিৰ সংকটমোচকৰ ৰূপত ডঃ হিমন্ত বিশ্ব শৰ্মা, সমৰ্থন প্ৰত্যাহাৰ কৰা ৪ NPP বিধায়কক লৈ উৰা মাৰিলে দিল্লীলৈ
বুধবাৰে এনপিপি বিধায়ককেইজনৰ সৈতে দিল্লীলৈ উৰা মৰাৰ প্ৰাকক্ষণত ৰাজনৈতিক সংকটৰ স্থায়ী সমাধান উলিওৱাৰ আশ্বাস দিয়ে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই। 

বুধবাৰে এনপিপি বিধায়ককেইজনৰ সৈতে দিল্লীলৈ উৰা মৰাৰ প্ৰাকক্ষণত ৰাজনৈতিক সংকটৰ স্থায়ী সমাধান উলিওৱাৰ আশ্বাস দিয়ে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই। 

  • Share this:
মণিপুৰ বিধানসভাৰ National Peoples’ Partyৰ চাৰি বিধায়ক ক্ৰমে ওয়াই জয়কুমাৰ, এন কায়িচি, লেটপাও হাউকিপ আৰু এল জয়ন্ত কুমাৰ সিং উৰা মাৰিছে নতুন দিল্লীলৈ । তেওঁলোকক সংগ দিছে NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই । বুধবাৰে এনপিপি বিধায়ককেইজনৰ সৈতে দিল্লীলৈ উৰা মৰাৰ প্ৰাকক্ষণত ৰাজনৈতিক সংকটৰ স্থায়ী সমাধান উলিওৱাৰ আশ্বাস দিয়ে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই। ইম্ফলত বিজেপি আৰু এনপিপিৰ বৈঠক একপ্ৰকাৰ ব্যৰ্থ হোৱাৰ পিছত এনপিপিৰ নেতা তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু চাৰিওজন সতীৰ্থৰ সৈতে দিল্লীলৈ যাত্ৰা কৰিছে ডঃ শৰ্মাই।

দিল্লীত হিমন্ত বিশ্ব শৰ্মাই NPPৰ বিধায়ক চাৰিজনক কেন্দ্ৰীয় নেতৃত্বৰে আলোচনাত মিলিত কৰাব বুলি জানিব পৰা গৈছে । চাৰিওজন বিধায়ক মণিপুৰৰ বিজেপি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে।

ইফালে এই হাইভল্টেজ ড্ৰামাৰ মাজতে চি বি আয়ে ৩৩২কোটি টকা আত্মসাতৰ অভিযোগ সন্দৰ্ভত সোধা পোচাৰ বাবে প্ৰাক্তন মুখ্য মন্ত্ৰী অ’ক্ৰাম ইব’বি সিঙক চমন জাৰি কৰিছে।

চি বি আয়ে সিঙৰ লগতে মণিপুৰ ডেভেলপমেণ্ট চ’চাইটিৰ তিনিগৰাকী প্ৰাক্তন সঞ্চালক ডি এছ পুনিয়া, পি চি লাউমুংখা আৰু অ’ নৱকিশোৰ সিঙকো সংস্থাৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে।

ইব’বি সিঙৰ কাৰ্যকালত তেওঁ মণিপুৰ ডেভেলপমেণ্ট চ’চাইটিৰ অধ্যক্ষ হৈ থাকোতে ২০০৯ৰ পৰা ২০১৭ চনৰ ভিতৰত উন্নয়নৰ ধন আত্মসাতত তেওঁৰ ভূমিকা সন্দৰ্ভত সোধা–পোচা কৰিবলৈ চি বি আই কাৰ্য্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।

চি বি আইৰ এটা দল ইম্ফালত সিং আৰু আনসকলক সোধা পোচাৰ বাবে ইতিমধ্যে ইম্ফালত আহি উপস্থিত হৈছে।

উল্লেখ্য যে, ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অনুৰোধত যোৱা ২০ নৱেম্বৰত চি বি আয়ে উক্ত গোচৰটো তদন্তৰ বাবে লৈছিল। তাৎপৰ্য্যপূৰ্ণভাৱে কংগ্ৰেছে ৰাজ্যখনত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰাৰ সময়তে চি বি আয়ে প্ৰাক্তন মুখ্য মন্ত্ৰীজনক সোধা পোচাৰ বাবে চমন জাৰি কৰিছে।

শেহতীয়াকৈ ৯গৰাকী বিধায়কে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰিছিল। শাসকীয় বিজেপিৰ ৩জন বিধায়কৰ পদত্যাগ আৰু এন পি পি আৰু তৃণমূল কংগ্ৰেছৰ বিধায়কৰ সমৰ্থন প্ৰত্যাহাৰৰ লগে লগে এন বীৰেন সিং নেতৃত্বাধীন চৰকাৰ সংখ্যালঘু হোৱাৰ দাবীৰে কংগ্ৰেছে চৰকাৰ গঠনৰ দাবী তুলিছিল।

(মণিপুৰৰ পৰা এনথেম বিশ্বজিত আৰু এজেন্সী ইনপুটৰ সহযোগত)
First published: June 23, 2020, 10:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি