হেলমেট নিপিন্ধা গাড়ীচালকক জৰিমনা! ট্ৰেফিক আৰক্ষীৰ আজৱ কাণ্ড

হেলমেট নিপিন্ধাৰ কাৰণে গাড়ী চলাই যোৱা এজন মানুহক ৫০০ টকা জৰিমনা বিহি চৌদিশৰ পৰা ধিক্কাৰ–গঞ্জনা পাইছে ট্ৰেফিক আৰক্ষীয়ে। অৱশ্যে আৰক্ষীয়ে এই কথা মানিবলৈ অস্বীকাৰ কৰে। আনহাতে জৰিমনা ভৰা সুৰেশ চন্দ্ৰ গুপ্তাৰ মতে এই চূড়ান্ত দায়িত্বহীনতা

News18
Updated:September 7, 2019, 3:46 PM IST
হেলমেট নিপিন্ধা গাড়ীচালকক জৰিমনা! ট্ৰেফিক আৰক্ষীৰ আজৱ কাণ্ড
ক্ষুব্ধ গাড়ীচালকজনে পিছত হেলমেট পিন্ধিয়ে গাড়ী চলাই অভিযোগ দাখিল কৰিবলৈ যায়।
News18
Updated: September 7, 2019, 3:46 PM IST
নতুন মটৰ পৰিবহন আইন বলৱৎ হোৱাৰ পিছৰে পৰা বৃহৎ পৰিমাণৰ জৰিমনা বিহি সংবাদ শিৰোনাম দখল কৰা ট্ৰেফিত আৰক্ষীৰ এটা কাণ্ডই শেহতীয়াকৈ সকলোৰে চকু কপালত তুলিছে। উত্তৰ প্ৰদেশৰ আলীগড়ত এজন গাড়ী চালকক হেলমেট নিপিন্ধাৰ কাৰণে ৫০০ টকাৰ ই–চালান কাটি হাঁহিয়াতৰ পাত্ৰ হৈছে ট্ৰেফিক আৰক্ষী। ম’বাইলত চালানৰ মেচেজ পাই চালকজন হতভম্ব হৈ পৰে। এই ঘটনাৰ প্ৰতিবাদ কৰিবলৈ গাড়ী চালকজনে হেলমেট পিন্ধি গাড়ী চলাই এছএছপি কাৰ্যালয়ত উপস্থিত হয়। তেনেকৈয়ে তেওঁ যান বাহন শাখাৰ আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰে। সুৰেশ চন্দ্ৰ গুপ্তা নামৰ ব্যক্তিজনে নিজৰ 81CE3375 নম্বৰৰ মাৰুতি চুজুকি গাড়ীখন যোৱা ২৭ আগষ্টত চলাই যোৱাৰ সময়তে তেওঁক ৫০০ টকাৰ ফটো ই–চালান কাটি দিয়া হয়। তেওঁ কয় যে, ম’বাইলত মেচেজটো ৫ ছেপ্তেম্বৰত তেওঁ লাভ কৰে।

ইয়াৰ পিছতে তেওঁ যান–বাহন শাখাৰ আৰক্ষীৰ কাৰ্যালয়লৈ গৈ অভিযোগ কৰোতে আৰক্ষীয়ে চালান কটাৰ কথা অস্বীকাৰ কৰি দিয়ে। ক্ষুব্ধ সুৰেশ গুপ্তাই কয় এয়া যান–বাহন আৰক্ষীৰ চূড়ান্ত দায়িত্বহীনতাৰ আন এক নমুনা। উল্লেখযোগ্য যে চালানত দুচকীয়া চলোৱা সময়ত হেলমেট নিপিন্ধাৰ কথা উল্লেখ আছে কিন্তু নম্বৰ আছে চাৰিচকীয়া বাহনৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি