গীতা পঢ়াৰ বাবে আলীগড়ত এজন যুৱকক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। বিগত ৩৮ বছৰ ধৰি নিজ ঘৰতে গীতা পাঠ কৰা দিলছেৰৰ সৈত ওচৰৰে ২ জন মুছলমান যুৱকে মাৰধৰ কৰে। ঘটনা সন্দৰ্ভত দিলছৰে দুয়োজনৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰে।
দিলছেৰে ক’লে যে তেওঁক মাৰধৰ কৰাৰ লগতে অভিযুক্তই তেওঁৰ ধৰ্ম গ্ৰন্থখনো কাঢ়ি নিছিল। বিগত কিছুদিন ধৰি যুৱক দুজনে দিলছেৰক অশান্তি দি আছিল আৰু মুছলিম হোৱা বাবে হিন্দু গ্ৰন্থখন নপঢ়িবলৈ দাবী কৰি আছিল।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু অভিযুক্ত লোক দুজনৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|