বিয়া কৰাবলৈ অমান্তি হোৱাৰ বাবেই প্ৰেমিকৰ গাত এচিড ঢালিলে প্ৰেমিকাই

ছমাহ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল দুয়োজনৰ মাজত

News18-Assam
Updated:October 26, 2019, 5:53 PM IST
বিয়া কৰাবলৈ অমান্তি হোৱাৰ বাবেই প্ৰেমিকৰ গাত এচিড ঢালিলে প্ৰেমিকাই
ছমাহ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল দুয়োজনৰ মাজত
News18-Assam
Updated: October 26, 2019, 5:53 PM IST
এগৰাকী প্ৰেমিকাই এচিড ঢালিলে প্ৰেমিকৰ গাত। ছমাহ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল দুয়োজনৰ মাজত। কিন্তু বৃহস্পতিবাৰে প্ৰেমিকাই প্ৰেমিকক দিয়ে বিয়া কৰোৱাৰ প্ৰস্তাৱ। কিন্তু এতিয়াই বিয়া কৰাবলৈ অমান্তি হোৱাৰ বাবে ২০ বছৰীয়া প্ৰেমিকজনৰ গাত এচিড ঢালি দিয়ে প্ৰেমিকাই। ঘটনাটো সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ আলিগড়ত।

যুৱকজনৰ নাম ফিজাদ। যোৱা ছমাহৰ পৰা দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল যদিও, বিগত এমাহ ধৰি যুৱকজনে যুৱতীগৰাকীক বিশেষ গুৰুত্ব নিদিয়াৰ বাবেই যুৱতীগৰাকীয়ে এচিড আক্ৰমণ কৰে যুৱকজনক।

যুৱকজন এতিয়া আলিগড়স্থিত পণ্ডিত দীনদয়াল উপাধ্যায় জইণ্ট হস্পাতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। এচিড আক্ৰমণত সম্পূৰ্ণ ৰূপে নষ্ট হৈছে যুৱকজনৰ চকু। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে যুৱতীগৰকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

 

 

 


 
আৰু চাওক পৰৱৰ্তী বাতৰি