• Home
  • »
  • News
  • »
  • nation
  • »
  • নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আলীগড় মুছলিম বিশ্ববিদ্যালয়ত উত্তাল প্ৰতিবাদ, ৫ জানুৱাৰীলৈ বন্ধ বিশ্ববিদ্যালয়

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আলীগড় মুছলিম বিশ্ববিদ্যালয়ত উত্তাল প্ৰতিবাদ, ৫ জানুৱাৰীলৈ বন্ধ বিশ্ববিদ্যালয়

প্ৰতিবাদকাৰী ছাত্ৰসকলে বেৰিকেড ভঙাৰ লগতে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে।

প্ৰতিবাদকাৰী ছাত্ৰসকলে বেৰিকেড ভঙাৰ লগতে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে।

প্ৰতিবাদকাৰী ছাত্ৰসকলে বেৰিকেড ভঙাৰ লগতে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে।

  • Share this:
আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ শ শ শিক্ষাৰ্থীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উত্তাল কৰি তোলে বিশ্ববিদ্যালয় চৌহদ। প্ৰতিবাদৰ সময়ত আৰক্ষীৰে সংঘাত প্ৰতিবাদকাৰীৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে ৱাটাৰ কেননো ব্যৱহাৰ কৰে। পৰিস্থিতিলৈ লক্ষ্য ৰাখি ৫ জানুৱাৰীলৈ বিশ্ববিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে কৰ্তৃপক্ষই।

জানিব পৰা মতে, AMUৰ ছাত্ৰসকলে বিশ্ববিদ্যালয়ৰ গে’টত একত্ৰিত হৈ বিতৰ্কিত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীৰ মতে, প্ৰতিবাদকাৰী ছাত্ৰসকলে বেৰিকেড ভঙাৰ লগতে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰে আৰু কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

Published by:Sanjay Kumar Das
First published: