উত্তৰ প্ৰদেশত বিমান দুৰ্ঘটনা, ১১ হাজাৰ ভ’ল্টৰ বিদ্যুতৰ তাঁৰত লাগি ধ্বংসপ্ৰাপ্ত চাৰ্টাৰ্ড বিমান

অৱতৰণৰ সময়তে সংঘটিত হয় এই বিমান দুৰ্ঘটনাটো।

News18-Assam
Updated:August 27, 2019, 11:38 AM IST
উত্তৰ প্ৰদেশত বিমান দুৰ্ঘটনা, ১১ হাজাৰ ভ’ল্টৰ বিদ্যুতৰ তাঁৰত লাগি ধ্বংসপ্ৰাপ্ত চাৰ্টাৰ্ড বিমান
অৱতৰণৰ সময়তে সংঘটিত হয় এই বিমান দুৰ্ঘটনাটো।
News18-Assam
Updated: August 27, 2019, 11:38 AM IST
উত্তৰ প্ৰদেশৰ আলীগড়ত আজি পুৱা দুৰ্ঘটনাত পতিত হয় এখন চাৰ্টাৰ্ড বিমান। দিল্লীৰ পৰা আলীগড়লৈ আহি থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। ১১ হাজাৰ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিমানখন দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে। অৱতৰণৰ সময়তে সংঘটিত হয় এই বিমান দুৰ্ঘটনাটো। বিমানখনত থকা ৬জন লোক আহত হৈছে যদিও সুৰক্ষিত। আটাইকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

আলীগড়ৰ গান্ধী পাৰ্ক অঞ্চলত সংঘটিত হয় এই বিমান দুৰ্ঘটনা। তথ্য অনুসৰি, ধনীপুৰ বিমানকোঠত চাৰ্টাৰ্ড বিমানখন অৱতৰণৰ সময়তে পতিত হয় দুৰ্ঘটনাত। উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি জ্বলি উঠে বিমানখন। বিমানখনৰ দুই পাইলটৰ লগতে চাৰিজন অভিযন্তা কথমপি ৰক্ষা পৰে এই দুৰ্ঘটনাত।
আৰু চাওক পৰৱৰ্তী বাতৰি