মুখ্যপৃষ্ঠা »খবৰ »দেশ »ঝাৰখণ্ডৰ ৰাজপথত নিশা এয়া 'Alien' নে অন্য কিবা? ভাইৰেল ভিডিঅ'ৰ আঁৰৰ ৰহস্য কি?

ঝাৰখণ্ডৰ ৰাজপথত নিশা এয়া 'Alien' নে অন্য কিবা? ভাইৰেল ভিডিঅ'ৰ আঁৰৰ ৰহস্য কি?

ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছৰে ইয়াক লৈ ব্যস্ত হৈ পৰিছে সকলো, প্ৰকৃতাৰ্থত এয়া কি হয় তাক লৈও উত্থাপিত হৈছে ভিন্ন প্ৰশ্নৰ।

ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছৰে ইয়াক লৈ ব্যস্ত হৈ পৰিছে সকলো, প্ৰকৃতাৰ্থত এয়া কি হয় তাক লৈও উত্থাপিত হৈছে ভিন্ন প্ৰশ্নৰ।

ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছৰে ইয়াক লৈ ব্যস্ত হৈ পৰিছে সকলো, প্ৰকৃতাৰ্থত এয়া কি হয় তাক লৈও উত্থাপিত হৈছে ভিন্ন প্ৰশ্নৰ।

  • Share this:
ঝাৰখণ্ডৰ ৰাজপথত নিশা বিচৰণ কৰি ফুৰা বিচিত্ৰ মানৱৰ এক ভাইৰেল ভিডিঅ'ই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে ছচিয়েল মিডিয়াত। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছৰে ইয়াক লৈ ব্যস্ত হৈ পৰিছে সকলো, প্ৰকৃতাৰ্থত এয়া কি হয় তাক লৈও উত্থাপিত হৈছে ভিন্ন প্ৰশ্নৰ।

তাৰ মাজতে একাংশৰ উদ্ভট দাবী, হাজাৰিবাগৰ ৰাজপথত দেখা এয়া হৈছে Alien। আনফালে আন একাংশই ইয়াক 'বিচিত্ৰ মানৱ' বুলি বৰ্ণনা কৰিছিল। কেৱল এয়াই নহয়, বিষয়টোক লৈ অত্যুৎসাহী হৈ পৰা একাংশ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আনকি মহাকাশ গৱেষণা সংস্থা নাছাক টেগ কৰি এটা অলৌকিক গতিবিধিৰ বিষয়ে জানিবলৈ চেষ্টা চলায়।

বিষয়টোক লৈ ভিন্ন চৰ্চাৰ মাজতেই এটা স্থানীয় নিউজ চেনেলৰ বাতৰিত শেহতীয়াকৈ পোহৰলৈ আহিছে ইয়াৰ প্ৰকৃত সত্য। নিশাৰ ভিডিঅ'টো শ্বুট কৰা দুজন লোকৰ ওচৰলৈ গৈছিল চেনেলটোৰ সাংবাদিক, তাৰ পিছতেই পোহৰলৈ আহে সকলো কথা। লোক দুজনে দাবী কৰে যে ভিডিঅ'টোত থকা সেয়া কোনো Alien বা বিচিত্ৰ মানৱ নহয়, প্ৰকৃততে সেয়া আছিল এগৰাকী উলংগ মহিলা। যিয়ে নিশা ৰাজপথত খোজ কাঢ়ি আছিল আৰু বিভিন্ন বাহনৰ লাইট তেওঁৰ গাৰ ওপৰত পৰাত এনেদৰে দেখা গৈছিল।

সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকে কয় যে ভাইৰেল ভিডিঅ'টো মাত্ৰ ৩০ ছেকেণ্ডৰহে দেখুওৱা হৈছে। কিন্তু তেওঁলোকে প্ৰায় ডেৰ মিনিটৰ এটা সম্পূৰ্ণ ভিডিঅ'হে প্ৰকাশ কৰিছিল।

আনফালে ভিডিঅ'টো খাৰচাৱান জিলাৰ চেৰাইকেলাত দৃশ্যগ্ৰহণ কৰা হৈছিল বুলি জানিব দিয়ে দুই যুৱকে। দুয়োজনে এজন বন্ধুৰ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ গ্ৰহণ কৰি চক্ৰধৰপুৰৰ পৰা চেৰাইকেলালৈ উভতি আহিছিল। তেওঁলোকৰ এজনে কয়, "আমি মহিলাগৰাকীক প্ৰথম দেখাৰ পিছত ভয় খাইছিলো আৰু ৰাজপথৰ ওচৰৰ এখন দোকানত ৰৈছিলো। যেতিয়া আন কেইজনমান ঘটনাস্থলীত উপস্থিত হৈছিল, আমি সুধিছিলো যে তেওঁলোকেও মহিলাগৰাকীক দেখিছে নেকি। তেতিয়া আন পথচাৰীসকলে নিশ্চিত কৰিছিল যে এয়া কোনো ভূত-প্ৰেত নহয়, এগৰাকী মহিলাহে।


উল্লেখ্য যে, ভিডিঅ'টো ২৭ এপ্ৰিলত দৃশ্যগ্ৰহণ কৰা হৈছিল। চেৰাইকেলাৰ উপ-পৰিদৰ্শক মহম্মদ নুচাদে এই সম্পৰ্কত জনায় যে মহিলাগৰাকীয়ে ৰাস্তাত কিয় উলংগ হৈ খোজ কাঢ়ি আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। লগতে বিষয়টো তদন্তৰ অধীনত আছে বুলিও জনায় আৰক্ষী বিষয়াগৰাকীয়ে।

শেহতীয়া বাতৰি