• Home
  • »
  • News
  • »
  • nation
  • »
  • ভাৰত পালেহি বিশ্বত্ৰাস কোৰোণা! এটা জন্মদিনৰ পাৰ্টীৰ পিছতে নয়ডাত বন্ধ দুখনকৈ স্কুল, আগ্ৰাত ৬জনৰ মাজত কোৰোণাৰ লক্ষণ

ভাৰত পালেহি বিশ্বত্ৰাস কোৰোণা! এটা জন্মদিনৰ পাৰ্টীৰ পিছতে নয়ডাত বন্ধ দুখনকৈ স্কুল, আগ্ৰাত ৬জনৰ মাজত কোৰোণাৰ লক্ষণ

১২০জনৰ নমুনা পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰা হৈছে। বৰ্তমানলৈকে অৱশ্যে উত্তৰ প্ৰদেশত কোৰোণাৰ এজনো ৰোগী ধৰা পৰা নাই। 

১২০জনৰ নমুনা পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰা হৈছে। বৰ্তমানলৈকে অৱশ্যে উত্তৰ প্ৰদেশত কোৰোণাৰ এজনো ৰোগী ধৰা পৰা নাই। 

১২০জনৰ নমুনা পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰা হৈছে। বৰ্তমানলৈকে অৱশ্যে উত্তৰ প্ৰদেশত কোৰোণাৰ এজনো ৰোগী ধৰা পৰা নাই। 

  • News18
  • Last Updated :
  • Share this:
CoronaVirus: ভাৰতত কোৰোণা ভাইৰাছৰ সংক্ৰমণক লৈ উত্তৰ প্ৰদেশত এলাৰ্ট জাৰি কৰি হৈছে। ইতিমধ্যে ১২০জন লোকৰ নমুনা সংগ্ৰহ কৰি পুণেলৈ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰা হৈছে। ৮০০খন বিচনা চিকিৎসালয়ত সুৰক্ষিত কৰা হৈছে। উল্লেখ্য যে, আক্ৰান্ত চীন দেশৰ পৰা এতিয়ালৈকে উত্তৰ প্ৰদেশত ২২০০জন লোক আহি উপস্থিত হৈছে। ইয়াৰে এতিয়ালৈকে ১২০জনৰ নমুনা পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰা হৈছে। বৰ্তমানলৈকে অৱশ্যে উত্তৰ প্ৰদেশত কোৰোণাৰ এজনো ৰোগী ধৰা পৰা নাই।

ইফালে নয়ডাত কোৰোণা ভাইৰাছক লৈ যথেষ্ট আতংক বিয়পি পৰিছে। এতিয়ালকৈ সংক্ৰমণৰ আশংকাত দুখন স্কুল বন্ধ কৰি দিয়া হৈছে। প্ৰথমে এখন স্কুল বন্ধ কৰাৰ খবৰ আহিছিল। চেক্টৰ ১৬৮ৰ এখন স্কুল চেনিটাইজ কৰিবৰ কাৰণে ৯মাৰ্চলৈকে বন্ধ কৰি দিয়া হৈছে। আনহাতে ডি এমৰ মতে চিন্তাৰ কোনো বিষয় নাই।

উল্লেখ্য যে, ইটালীৰ পৰা উভতা এজন ভাৰতীয় কোৰোণা ভাইৰাছৰ সংক্ৰমণত চিনাক্ত কৰাৰ পিছতে তেওঁক দিল্লীত বেলেগকৈ (Quarantine)ত ৰখা হৈছে। ব্যক্তিজনৰ সন্তানে সেই স্কুলত পঢ়ে আৰু এটা জন্মদিনৰ পাৰ্টীত তেওঁ অন্য কিছু শিশুৰ সংস্পৰ্শলৈ আহিছিল।

কোৰোণা ভাইৰাছত আক্ৰান্ত ব্যক্তিজনে নিজৰ সন্তানৰ বাৰ্থডে পাৰ্টী পাতিছিল আৰু ইয়ালৈ সন্তানৰ স্কুলত পঢ়া একাংশ শিশুক নিমন্ত্ৰণ কৰিছিল। ঘটনা পোহৰলৈ অহাৰ পিছত অভিভাৱকসকলৰ মাজত হুৱা–দুৱা লাগে। সোমবাৰে ইটালীৰ পৰা উভতি অহা ব্যক্তিজন কোৰোণা সংক্ৰমণত আক্ৰান্ত হোৱাৰ প্ৰমাণ হোৱাৰ পূৰ্বে তেওঁ চেক্টৰ ১৫ৰ এটা ক্লাৱত সন্তানৰ বাৰ্থ ডে পাৰ্টি পাতিছিল। এই পাৰ্টীলৈ অহা বহু শিশুক পৰিয়ালে বেলেগকৈ ৰখাৰ লগতে প্ৰভাৱিত অভিভাৱকসকলক চৰকাৰৰ তৰফৰ পৰা বেলেগকৈ ৰখা হৈছে।

এই প্ৰভাৱিত ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা আগ্ৰাৰ  ছজন লোক তীব্ৰ জ্বৰত আক্ৰান্ত হোৱাৰ তথ্য আহিছে। এই বিষয়ত চৰকাৰে তথ্য প্ৰদান কৰি ব্যক্তিকেইজনক বেলেগকৈ আইছ’লেশ্যনত ৰখাৰ কথা উল্লেখ কৰিছে। তেওঁলোকৰ নমুনা এনআইভি পুণেলৈ প্ৰেৰণ কৰা গৈছে। ইনফেকটেড ব্যক্তিৰ সংস্পৰ্শলৈ অহা ৬জন লোককে ইণ্টিগ্ৰেটেড ডিজিজ চাৰ্ভিলান্স প্ৰগামৰ অধীনত পৰীক্ষা কৰোৱা হৈছে।

ইয়াৰ মাজতে উত্তৰ প্ৰদেশত হেল্পলাইন নম্বৰ জাৰি কৰা হৈছে যাতে মানুহে ষ্টেট হেডকোৱাৰ্টাৰত ফোন কৰি কোৰোণা সন্দৰ্ভত সকলো শংকা দূৰ কৰিবলৈ প্ৰশ্ন কৰিব পাৰে। উত্তৰ প্ৰদেশ চৰকাৰে জাৰি কৰা 18001805145 নম্বৰত ফোন কৰি এই সন্দৰ্ভত সকলো তথ্য ল’ব পাৰে।
Published by:Tulika Devi
First published: