ৰে’ল যাত্ৰীসকলৰ বাবে সতৰ্কবাণী! ৰে’লৰ টিকট ক্ৰয়ৰ বাবদ ভৰিব লগা হৈছে বিমানৰ টিকটতকৈও অধিক টকা

গ্ৰীষ্মকালীন ছুটীত ৰে’লৰ টিকট বিমানৰ টিকটতকৈও ব্যয়বহুল, জানো আহক কাৰণটো কি?

news18assam
Updated:May 13, 2019, 2:20 PM IST
ৰে’ল যাত্ৰীসকলৰ বাবে সতৰ্কবাণী! ৰে’লৰ টিকট ক্ৰয়ৰ বাবদ ভৰিব লগা হৈছে বিমানৰ টিকটতকৈও অধিক টকা
গ্ৰীষ্মকালীন ছুটীত ৰে’লৰ টিকট বিমানৰ টিকটতকৈও ব্যয়বহুল, জানো আহক কাৰণটো কি?
news18assam
Updated: May 13, 2019, 2:20 PM IST
আৰম্ভ হৈছে গ্ৰীষ্মকালীন বন্ধ। এই বন্ধৰ দিনকেইটাত বহুতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা ইতিমধ্যে কৰিছে। যদি গ্ৰীষ্মকালীন বন্ধৰ দিনকেইটাত আগতেই টিকট বুকিং নকৰে পিছত টিকট ক্ৰয় কৰাত সমস্যাৰ সৃষ্টি হয় আৰু ব্যয়বহুল হৈ পৰে টিকটৰ মূল্যও। গ্ৰীষ্মকালীন বন্ধৰ দিনকেইটাত যাত্ৰীৰ সুবিধাৰ্থে ৰে’লৱে হাজাৰখন অতিৰিক্ত গাড়ীৰ চলাচলৰ ব্যৱস্থা কৰি দিয়াৰ সত্ত্বেও মে’ মাহৰ অন্তিমটো সপ্তাহত যাত্ৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে। যাৰ বাবে ৰে’লৰ টিকট বিমানৰ টিকটকৈও মূল্যৱান হৈছে। অৱস্থা এইটো হৈছে গৈ যে মুম্বাই–দিল্লী ৰাজধানী এক্সপ্ৰেছৰ ফ্ৰাষ্ট ক্লাছৰ টিকট ৩ সপ্তাহ পূৰ্বে লোৱাসকলেও ভৰিব লগা হৈছে অধিক মূল্য।

উল্লেখযোগ্য যে, ২৮ মে’ত যাত্ৰাৰ বাবে এজন লোকে সুবিধা এক্সপ্ৰেছৰ গোৰখপুৰৰ পৰা মুম্বাইলৈ যাবলৈ টিকট ক্ৰয় কৰিব বিচৰাত শীত–তাপ নিয়ন্ত্ৰিত কক্ষৰ বাবে প্ৰতিগৰাকী ব্যক্তিৰ বাবদ দিব লাগিব ৬,৬১০ টকা। তেতিয়া তেওঁ বিমানৰ টিকট ক্ৰয় কৰিলে আৰু ৪গৰাকী সদস্যৰ টিকট ৰে’ল টিকটতকৈ ১,০০০ টকা কমত পালে। লগতে ৩০ ঘণ্টাৰ ৰে’ল যাত্ৰাৰ পৰাও ৰেহাই পালে।

এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ তথা MD অশ্বিনী লোহানীয়ে জনোৱা মতে বিমানৰ ভাৰা ৰাজধানী এক্সপ্ৰেছৰ শীত–তাপ নিয়ন্ত্ৰিত কক্ষৰ ভাৰাৰ সমানে। প্ৰতিযোগিতাৰ এই যুগত ইয়াৰ জৰিয়তে যাত্ৰীয়ে যথেষ্ট সুবিধা লাভ কৰিব পাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি