চাইবাৰ হেকাৰে কোৰোণাৰ ভেকচিনৰ বুষ্টাৰ ডোজৰ কাৰণে পঞ্জীয়নৰ নামত মানুহৰ পৰা OTP বিচাৰে আৰু OTP দিয়াৰ লগে লগেই খালী কৰি নিয়ে একাউণ্টৰ টকা।
দেশত দিনক দিনে চাইবাৰ প্ৰৱঞ্চনা (Cyber Fraud)ৰ ঘটনা বৃদ্ধি পাইছে। এই প্ৰৱঞ্চকবোৰে মানুহক নতুন নতুন ধৰণে জালত পেলাই সৰ্বস্বান্ত কৰি আহিছে। কোৰোণাৰ তৃতীয় ঢৌৰ সময়ত এতিয়া চাইবাৰ ঠগসকলে কোৰোণা বুষ্টাৰ ডোজ (Booster Dose)ৰ নামত প্ৰৱঞ্চনাৰ নতুন জাল পাতিছে। এই ঠগসকলে বুষ্টাৰ পালিৰ নামত মানুহক চিকাৰ কৰা আৰম্ভ কৰিছে। চাইবাৰ হেকাৰে বুষ্টাৰ পালিৰ বাবে পঞ্জীয়ন কৰাৰ অজুহাতত বিভিন্ন লোকৰ পৰা OTP নম্বৰ বিচাৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ বেংক একাউণ্ট খালী কৰে।
কেনেদৰে লুটিব আপোনাৰ একাউণ্ট
আপোনাৰ মোবাইললৈ এটা কল আহিব আৰু হেকাৰে সুধিব - ছাৰ, আপুনি কোৰোণাৰ দুয়ো পালি ভেকচিন লৈছেনে?
ধৰি লওক, আপুনি ক'ব, "হয়"
তেতিয়া হেকাৰে ক'ব- ছাৰ, আপুনি এটা বুষ্টাৰ ড'জ ল'ব লাগিব। মই আপোনাৰ পঞ্জীয়ন কৰি দি আছোঁ। OTPএটা আপোনাৰ মোবাইললৈ আহিছে, সেইটো কওঁক।
আপুনি যদি এতিয়া OTPটো কৈ দিয়ে তেন্তে লগে লগে আপোনাৰ বেঙ্ক একাউণ্টৰ পৰা ধন শেষ হৈ যাব।
যদি ওপুনি ভেকচিন দ্বিতীয় পালি লোৱা নাই, তেতিয়াও দ্বিতীয় পালি ল'ব লাগিব বুলি কৈ পঞ্জীয়নৰ নামত OTP বিচাৰিব। আচলতে হেকাৰে আগতেই আপোনাৰ একাউণ্ট হেক কৰি টকা উলিয়াবলৈ সকলোপ্ৰকাৰে সাজু হৈ কেৱল OTPটোৰ কাৰণে আপোনাক ভেকচিন বা বুষ্টাৰ ডোজৰ নামত সৰ্বস্বান্ত কৰিব পাৰে।
মুঠতে এনেদৰে কোনো লোকে OTP বিচাৰিলেই দি নিদিব।
উল্লেখ্য যে দেশত সোমবাৰৰ পৰা কোৰোণাৰ বুষ্টাৰ ডোজ প্ৰদানৰ কাম আৰম্ভ হ'ব। ইয়াৰ বাবে ইতিমধ্যে পঞ্জীয়ন প্ৰ্ৰক্ৰিয়া আৰম্ভ হৈছে। আপুনি ইণ্টাৰনেট যোগে পঞ্জীয়ন নকৰি ভেকচিন কেন্দ্ৰলৈ গৈও পঞ্জীয়ন কৰিব পাৰে। গতিকে সাৱধানে সকলো খোজ দিয়াটোহে উচিত।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|