দেশত মহিলাৰ ওপৰত চলা অত্যাচাৰ, হিংসাৰ বাবে আছে ভিন্ন আইন। তাৰেই গইনা লৈ এতিয়া যেন পুৰুষক হাৰাশাস্তি কৰিবলৈ এই আইনসমূহৰ অপব্যৱহাৰত নামি পৰিছে একাংশ মহিলা। এনে মহিলাৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ তুলিবলৈ নাই পুৰুষৰ হাতত আইন,যাৰ বাবে কেতিয়াবা সমস্যাৰ সন্মুখীন হয় পুৰুষসকল ।
শেহতীয়াকৈ তেনে ঘৰুৱা হিংসা আইন আৰু বিবাহৰ ঘটনাৰ নিস্পত্তি কৰিবলগীয়া হৈছে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে। য'ত এগৰাকী মহিলাই স্বামীক হাৰাশাস্তি কৰিবলৈয়ে দাখিল কৰিছিল ঘৰুৱা হিংসাৰ গোচৰ।
জানিব পৰা মতে, বিবাহৰ পিছতে পাৰিবাৰিক ভাবে অসন্তুষ্ট হৈ পৰা স্বামীয়ে বিবাহ বিচ্ছেদ বিচাৰি আদালতত প্ৰথমে দাখিল কৰিছিল আবেদন। সেই সময়তে আদালতৰ দ্বাৰা বিবাহ বিচ্ছেদ মঞ্জুৰ কৰাৰ পিছতে পত্নীয়ে লোকজনৰ বিৰুদ্ধে উত্থাপিত কৰে ঘৰুৱা হিংসাৰ অভিযোগ। ফলত লোকজনে হেৰুৱাবলগীয়া হয় নিজৰ চাকৰি। পত্নীৰ এনে হাৰাশাস্তিমূলক গোচৰক মিছা অপবাদ বুলি কৈ নিজৰ চাকৰি ঘূৰাই পাবলৈ ব্যক্তিগৰাকীয়ে কাষ চাপিছিল আইনৰ।
স্বামী-স্ত্ৰীৰ মাজৰ এনে বিবাদৰ নিষ্পত্তি কৰিবলগীয়া হয় মাদ্ৰাছ উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ এছ বৈদ্যনাথন বিচাৰপীঠে এই ঘটনা সম্পৰ্কত শুনানি গ্ৰহণ কৰি কয় যে, ঘৰুৱা সম্পৰ্কত মহিলাৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া চলাবলৈ পুৰুষৰ বাবে ঘৰুৱা হিংসা আইনৰ দৰে কোনো আইন নাই।
৩১ মাৰ্চত ন্যায়ালয়ে প্ৰদান কৰা আদেশত লগতে কোৱা হয় এনেদৰে, "দেখা গৈছে যে, অভিযোগকাৰী মহিলা আবেদনকাৰী তথা তেওঁৰ স্বামীক অপ্ৰয়োজনীয়ভাৱে হাৰাশাস্তি কৰি আছে। দুৰ্ভাগ্যবশতঃ মহিলাৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগৰ বাবে পুৰুষৰ হাতত নাই কোনো আইন।"
আনফালে ঘৰুৱা হিংসা আইনৰ অধীনত লিভ-ইন সম্পৰ্ক অনুমোদিত হোৱাৰ পিছত বিবাহৰ "সংস্কাৰ"ৰ সৈতে জড়িত পৱিত্ৰতা হ্ৰাস হোৱা সন্দৰ্ভতো মন্তব্য কৰে ন্যায়ালয়ে। ন্যায়ালয়ে কয়, "বৰ্তমান প্ৰজন্মই বুজিব লাগিব যে, বিবাহ এক চুক্তি নহয়, কিন্তু এক সংস্কাৰমূলক চুক্তি। অৱশ্যে, ঘৰুৱা হিংসা আইন ২০০৫ কাৰ্যকৰী হোৱাৰ পিছত 'সংস্কাৰ' শব্দটোৰ কোনো অৰ্থ নাই, যিয়ে লিভ-ইন-ৰিলেশ্যনত অনুমোদন দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|