Al-Qaeda Praises Mushkan Khan: হিজাব বিতৰ্ক (Hijab Row)ৰ আঁৰ লৈ ভাৰতত নতুনকৈ খোপনি পোতাৰ চেষ্টা আৰম্ভ কৰিছে কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দা (Al-Qaeda)ই।
Al-Qaeda Praises Mushkan Khan: হিজাব বিতৰ্ক (Hijab Row)ৰ আঁৰ লৈ ভাৰতত নতুনকৈ খোপনি পোতাৰ চেষ্টা আৰম্ভ কৰিছে কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দা (Al-Qaeda)ই।
হিজাব বিতৰ্ক (Hijab Row)ৰ আঁৰ লৈ ভাৰতত নতুনকৈ খোপনি পোতাৰ চেষ্টা আৰম্ভ কৰিছে কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দা (Al-Qaeda)ই। আল কায়দাৰ মুৰব্বী আয়মান আল জৱাহিৰী (Ayman al-Zawahiri)য়ে শেহতীয়াকৈ মুস্কান খান (Muskan Khan)ক প্ৰশংসাৰে উপচাই দিয়া ভিডিঅ' বাৰ্তাৰ পিছতে এই কথা স্পষ্ট হৈ পৰিছে।
এই ভিডিঅ' বাৰ্তাটোত জৱাহিৰীয়ে মুস্কান খানক উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰশংসা কৰা বুলি জানিব দিছে চোৰাংচোৱা সংস্থাই। উল্লেখ্য যে কৰ্ণাটকত হিজাব বিতৰ্ক (Karnataka Hijab Row)ৰ সময়ত ভাইৰেল হৈ বিখ্যাত হৈ পৰিছিল মুছলমান সম্প্ৰদায়ৰ যুৱতী মুস্কান খান। একাংশ শিক্ষাৰ্থীয়ে মুস্কানক হিজাব পিন্ধি বিদ্যালয়লৈ অহাৰ সময়তে জয় শ্ৰী ৰাম (Jai Shree Ram) ধ্বনি দিছিল আৰু তাৰ প্ৰত্যুত্তৰত মুস্কানে আল্লাহু আকবৰ (Allahu Akbar) বুলি চিঞৰিছিল। এই ভিডিঅ' লগে লগে ভাইৰেল হৈ পৰিছিল।
চোৰাংচোৱা সংস্থাই দাবী কৰে যে জৱাহিৰীৰ এই ভিডিঅ' বাৰ্তা ভাৰতত সন্ত্ৰাসবাদী সংগঠনটোৰ প্ৰচাৰৰ কৌশলৰ বাহিৰে আন একো নহয়। ইছলাম ধৰ্মীয় যুৱকক জেহাদ (Jehad)ৰ প্ৰতি উচতাবলৈকে এই বাৰ্তা দিছে বুলি কয় চোৰাংচোৱা সংস্থাসমূহে।
"... আমি আমাক বিভ্ৰান্ত কৰি ৰখা ভ্ৰান্ত ধাৰণাবোৰ আঁতৰ কৰিব লাগিব... ভাৰতৰ বিধৰ্মী হিন্দু গণতন্ত্ৰৰ মৰীচিকাৰ দ্বাৰা প্ৰতাৰিত হোৱাটো বন্ধ কৰিব লাগিব, যিটো মুছলমানসকলৰ ওপৰত অত্যাচাৰ কৰাৰ এক সঁজুলিৰ বাহিৰে আন একো নহয়," জৱাহিৰীয়ে আৰবী ভিডিঅ' ক্লিপত এইদৰে কয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|