সোণ ক্ৰয় কৰা লোকৰ ধন দুগুণ হ’ল ১০ বছৰত!

২০০৯ চনত ১০ গ্ৰাম সোণৰ মূল্য ১৮১৬৭ টকা আছিল। বৰ্তমান ২০১৯ চনত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হ’ল ৩২৭২০ টকা

news18assam
Updated:May 6, 2019, 8:00 PM IST
সোণ ক্ৰয় কৰা লোকৰ ধন দুগুণ হ’ল ১০ বছৰত!
সোণ ক্ৰয় কৰা লোকৰ ধন দুগুণ হ’ল ১০ বছৰত!
news18assam
Updated: May 6, 2019, 8:00 PM IST
সমাগত অক্ষয়া ত্ৰিতীয়া। লোকবিশ্বাস অনুসৰি অক্ষয়া ত্ৰিতীয়াত সোণ ক্ৰয় কৰে। এই উৎসৱত সোণ ক্ৰয় কৰিলে ঘৰলৈ ধন–সম্পত্তিৰ আগমণ ঘটে বুলি বিশ্বাস বহু লোকৰ। বিশেষজ্ঞসকলৰ মতে বিগত ১০ বছৰত সোণৰ মূল্য দুগুণ বৃদ্ধি হৈছে। ২০০৯ চনত ১০ গ্ৰাম সোণৰ মূল্য আছিল ১৮১৬৭ টকা। ২০১৯ চনত ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৩২৭২০ টকা। বিয়াৰ ছিজনৰ বাবে পৰৱৰ্তী ৩ মাহত সোণৰ মূল্য আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা। সোণ বিনিয়োগৰ বাবে বহুকেইটা বিকল্প আৰম্ভ হৈছে। আপোনাৰো আছে ধন উপাৰ্জন কৰাৰ সুযোগ।

অক্ষয়া ত্ৰিতীয়াত সোণৰ মূল্য
২০১৯ চনত ১০ গ্ৰাম সোণৰ মূল্য ৩২৭২০ টকা

২০১৮ চনত ১০ গ্ৰাম সোণৰ মূল্য ৩১৫৩৫ টকা
২০১৭ চনত ১০ গ্ৰাম সোণৰ মূল্য ২৮৮৬১ টকা
২০১৬ চনত ১০ গ্ৰাম সোণৰ মূল্য ২৯৮৬০ টকা
২০১৫ চনত ১০ গ্ৰাম সোণৰ মূল্য ২৬৯৩৮ টকা২০১৩ চনত ১০ গ্ৰাম সোণৰ মূল্য ২৬৮২৯ টকা
২০১০ চনত ১০ গ্ৰাম সোণৰ মূল্য ১৮১৬৭ টকা

বৰ্তমান সোণৰ গহণা ক্ৰয় কৰাৰ উপকাৰিতা– মনৰ আনন্দৰ বাবে বৰ্তমান অভ্যাসত পৰিণত হৈছে সোণৰ গহণা বা সোণৰ মুদ্ৰা কিনা।

যদি আপুনি Imported সোণ ক্ৰয় কৰে তেন্তে মেকিং চাৰ্জৰ লগতে আপুনি Imported Price টো ১০ শতাংশ GST দিব লাগিব। গহণাত থকা সোণৰ পৰা ৩ শতাংশ আৰু মেকিং চাৰ্জ ৫ শতাংশ GST প্ৰদান কৰিব লাগিব।

গল্ড’ বণ্ড ক্ৰয় কৰাৰ উপকাৰিতা– যদি আপুনি Sovereign gold bond ক্ৰয় কৰে তেন্তে আপুনি কোনোধৰণৰ কৰ প্ৰদান কৰিব নালাগে। সোণ ৰাখি থোৱা এটা ডাঙৰ ৰিক্স। আপোনাৰ Physical gold চুৰি হোৱা বা হেৰুৱাৰ সম্ভাৱনা কিন্তু গল্ড’ বণ্ডত এনেধৰণৰ কোনো অসুবিধা নাই। লগত গল্ড বণ্ডত ভাৰত চৰকাৰৰ তৰফৰ পৰা Sovereign Guarantee–ও দিয়া হয়।

সোণ ঘৰত ৰাখি থলে চোৰ হোৱাৰ সম্ভাৱনা, বেংকত জমা থলেও ভৰিব লাগে টকা। আপুনি ঘৰত সোণ সাচি নাৰাখি বেংকত জমা থলে তেন্তে প্ৰতিমাহে আপুনি ভৰিব লাগে চাৰ্জ।
আৰু চাওক পৰৱৰ্তী বাতৰি