
ৰাজস্থানৰ আজমেৰৰ আনাসাগৰ হ্ৰদত নোটভৰ্তি এটা মোনা দলিয়াই দিয়া হৈছে। তাৰ পিছত, দেওবাৰে সন্ধিয়া ২০০ আৰু ৫০০ টকীয়া নোট ভাহি উঠিছে হ্ৰদটোত...
ৰাজস্থানৰ আজমেৰৰ আনাসাগৰ হ্ৰদত নোটভৰ্তি এটা মোনা দলিয়াই দিয়া হৈছে। তাৰ পিছত, দেওবাৰে সন্ধিয়া ২০০ আৰু ৫০০ টকীয়া নোট ভাহি উঠিছে হ্ৰদটোত...
ৰাজস্থানৰ আজমেৰৰ আনাসাগৰ হ্ৰদত নোটভৰ্তি এটা মোনা দলিয়াই দিয়া হৈছে। তাৰ পিছত, দেওবাৰে সন্ধিয়া, ২০০ আৰু ৫০০ নোট ওপঙি থকাৰ আকস্মিক বাতৰিটোৱে আনাসাগৰৰ ওচৰত এক আলোড়নৰ সৃষ্টি কৰিছিল। হ্ৰদৰ কাষৰ লোকসকলে হ্ৰদটোত ডুব মাৰি নোট সংগ্ৰহ কৰা দেখা গৈছে।
অৱশ্যে, যেতিয়া গোটেই ঘটনাটো গঞ্জ আৰক্ষী থানাত খবৰ দিয়া হৈছিল, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু জনতাক আঁতৰাই পঠিয়াই দিয়ে। ইফালে, আৰক্ষীয়ে অনুসন্ধান কৰি আছে কোনে হ্ৰদটোত নোটভৰ্তি মোনা এটা দলিয়াইছিল আৰু কিয়?
স্থানীয় লোক এজনে এইদৰে কৈছি
২০০ আৰু ৫০০ টকাৰ নোট লুটিবলৈ হ্ৰদটোত নমা এজন স্থানীয় লোক মহম্মদ ওচমানে কয় যে দেওবাৰে সন্ধিয়া হঠাতে হ্ৰদটোত কিছুমান নোট ওপঙি থকা দেখা গৈছিল। তাৰ পিছত বহুতো মানুহ হ্ৰদটোলৈ আহিছিল আৰু নোট সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল। ওচমানে কয় যে তেওঁ হাতত প্ৰায় ২,৫০০ টকা পাইছে, আনহাতে আন কেইবাজনো লোকেও হ্ৰদটোৰ পৰা নগদ ধন লাভ কৰিছে। তদুপৰি, যেতিয়া গোটেই চহৰখনত বাতৰিটো বিয়পি পৰিছিল, বহুলোকে নোটবোৰ আনিবলৈ হ্ৰদলৈ দৌৰি গৈছিল আৰু চিন্তা নকৰাকৈ হ্ৰদটোত জাপ দিছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|