মাজভাগত এখন দলীয় সন্মিলন এৰি যোৱাৰ ঘটনাৰ এদিন পাছতেই নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি চমুকৈ এনচিপি নেতা অজিত পাৱাৰে সোমবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দলৰ মাজত বিভেদৰ সৃষ্টি হোৱাৰ বাতৰিক তেখেতে অস্বীকাৰ কৰাৰ লগতে কোনো দুখী নহয় বুলি কয়।
পাৱাৰে এইটোও স্পষ্ট কৰে যে তেওঁ নিজৰ ভাষণ এৰি সন্মিলনৰ মাজভাগত গুছি গৈছিল কাৰণ তেওঁ ৱাছৰুমলৈ যাব লগা হৈছিল।
সংবাদ মাধ্যমৰ তৰফৰ পৰা কালিৰ ঘটনা সন্দৰ্ভত সোধাত অজিত পাৱাৰে কয়, ‘সংবাদ মাধ্যমে বিভ্ৰান্তিকৰ বাতৰি দেখুৱাইছে। মই কথা কোৱা নাছিলো, বহুতো নেতাই কথা কোৱা নাছিল। মই মাৰাঠী মিডিয়াৰ সৈতে কথা পাতিছিলো আৰু এটা সম্পূৰ্ণ ব্যাখ্যা দিছিলো। মই দুখী নহয়, আমাৰ দলৰ কোনেও দুখী নহয়।’
তেখেতক কোনেও কথা ক'বলৈ বাধা দিয়া নাছিল বুলি উল্লেখ কৰাৰ লগতে তেওঁ ৱাছৰুমলৈ যাবলৈ বাহিৰলৈ যাব নোৱাৰে নেকি বুলি সংবাদ মাধ্যমক প্ৰশ্ন কৰে।
উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে এনচিপিৰ শীৰ্ষ নেতাসকলৰ মাজৰ এজন হোৱা স্বত্বেও ৰাষ্ট্ৰীয় সন্মিলনৰ বৈঠকত ভাষণ দিয়াৰ সুযোগ এৰাই গৈছিল। আনকি তেওঁ দলৰ চুপ্ৰিমো শাৰদ পাৱাৰৰ সন্মুখতেই মাজভাগত গুচি গৈছিল। এই ঘটনাটো চৌদিশে চৰ্চিত হৈ পৰিছিল। দলৰ নেতা জয়ন্ত পাটিলক তেওঁৰ সন্মুখত কথা কোৱাৰ সুযোগ দিয়াৰ কিছু মুহূৰ্তৰ পিছতে অজিত পাৱাৰে মঞ্চ ত্যাগ কৰিছিল যাৰ ফলত দলটোত বিভেদৰ উৰাবাতৰি ওলাইছিল।
মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে শনিবাৰে শাৰদ পাৱাৰক পৰৱৰ্তী চাৰি বছৰৰ বাবে ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ (এনচিপি) সভাপতি হিচাপে পুনৰ নিৰ্বাচিত কৰা হয়। ১৯৯৯ চনৰ পৰা তেওঁ এই পদত অধিষ্ঠিত হৈ আছে যেতিয়া তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পৃথক হোৱাৰ পিছত পি. এ .চাংমা আৰু তাৰিক আনৱাৰৰ সৈতে দলটো প্ৰতিষ্ঠা কৰিছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : September 12, 2022, 23:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।