Airtelৰ গ্ৰাহকৰ কাৰণে বেয়া খবৰ। আগশাৰীৰ টেলিকম কোম্পানী ভাৰতী এয়াৰটেলে আগন্তুক বৰ্ষৰ মাৰ্চ মাহলৈ নিজৰ 3G সেৱা সম্পূৰ্ণৰূপত বন্ধ কৰিব পাৰে। কলকাতা সেৱা ক্ষেত্ৰত কাম কৰাৰ কথা কোম্পানীয়ে প্ৰকাশ কৰিছে। শুকুৰবাৰে কোম্পানীয়ে জনোৱা মতে তেওঁলোকে প্ৰতিজন ইউজাৰৰ হিচাপত গড় আয়ত গুৰুত্ব প্ৰদান কৰিছে কিন্তু লগতে এই কথাতো গুৰুত্ব প্ৰদান কৰিছে যে দীঘলীয়া অৱধিত শুল্ক বঢ়োৱাটো গুৰুত্বপূৰ্ণ।
ভাৰতী এয়াৰটেলৰ মুখ্য কাৰ্যবাহী বিষয়া (ভাৰত আৰু দক্ষিণ এছিয়া) গোপাল ভিট্টলে কৈছে যে শেহতীয়াকৈ জুন ত্ৰিমাসিত কলকাতাত 3G নেটৱৰ্ক বন্ধ কৰাৰ কাম আৰম্ভ হৈছে। ছেপ্তেম্বৰলৈকে ৬–৭টা অন্য ক্ষেত্ৰত এই কাম কৰা হ’ব আৰু ডিচেম্বৰৰ পৰা মাৰ্চলৈ সমগ্ৰ 3G নেটৱৰ্ক বন্ধ কৰি দিয়া হ’ব।
![]()
ভিট্টলে প্ৰকাশ কৰা অনুসৰি যেতিয়া কোনোবা 2Gৰ পৰা 3Gলৈ যায় তেতিয়া সেয়া আপগ্ৰেডিঙৰ হিচাপত চোৱা হয়। স্পেকট্ৰামৰ দিশলৈ যদি চোৱা হয় তেনেহ’লে এপ্ৰিল, ২০২০লৈ আমাৰ হাতত হয় 2G বা 4G থাকিব। এইকাৰণে আমাৰ সম্পূৰ্ণ স্পেকট্ৰাম 4Gলৈ আহিব। স্পেকট্ৰামৰ এটা সৰু অংশ 2Gৰ কাৰণে থাকিব। ইয়াৰ বাহিৰে সকলো 4Gত থাকিব।
কোম্পানীয়ে লগতে কয় যে ফাইবৰ অৱসংৰচনাৰ বিক্ৰীৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ প্ৰসংগত অহৰহ মূল্যাংকন কৰি থকা হৈছে।
কলকাতাৰ কথা যদি কোৱা হয় তেনেহ’বে কলকাতা চহৰত 3G বন্ধ হোৱাৰ পিছত ইউজাৰ্চ সকলে L900 টেকন’লজীৰ সৈতে হাইস্পীড 4G সেৱা লাভ কৰিব। এয়া এনে এক টেকন’লজী য’ত ইউজাৰ্চ সকলে ভিৰ থকা স্থান, বেচমেণ্ট, বজাৰ, কাৰ্যালয় আৰু মলত উন্নত নেটৱৰ্কৰ অনুভৱ লাভ কৰিব আৰু কল ড্ৰপৰ দৰে সমস্যাৰ পৰা মুক্তি লাভ কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|