উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে এতিয়া দুয়োটা টেলিকম প্ৰতিষ্ঠানৰ শ্বেয়াৰ ব্যাপক ভাবে নিম্নগামী হোৱা পৰিলক্ষিত হৈছে
২০০৫ চনৰ পৰা টেলিকম কোম্পানী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ‘Adjusted Gross revenue’ ক কেন্দ্ৰ কৰি বিবাদ চলি আছে। এই বিবাদত এতিয়া উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিছে। টেলিকম কোম্পানীৰ বিৰুদ্ধে ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।
টেলিকম কোম্পানী কেইটাই এতিয়া চৰকাৰক দিব লাগিব বৃহৎ জৰিমনা। উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে এতিয়া দুয়োটা টেলিকম প্ৰতিষ্ঠানৰ শ্বেয়াৰ ব্যাপক ভাবে নিম্নগামী হোৱা পৰিলক্ষিত হৈছে। BSE ত ভাৰতীয় এয়াৰটেলৰ শ্বেয়াৰ ৫ শতাংশ, ভোডাফোন আৰু আইডিয়াৰ শ্বেয়াৰ ১৮ শতাংশৰো তললৈ যোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে, AGR ত টেলিকম কোম্পানীয়ে চৰকাৰৰ সৈতে লাইচেঞ্চ ফীজ আৰু ‘Spectrum usage Charge’ শ্বেয়াৰ কৰে। AGR ত কি কি সন্নিৱিষ্ট কৰা হ’ব সেইলৈ টেলিকম কোম্পানী আৰু চৰকাৰৰ মাজত বিবাদ চলি আছে।
প্ৰথমে এই বিবাদ ‘Telecom Disputes Settlement and Appellate Tribunal’ ৰ মজিয়া পাইছিল। TDSAT ৰ মতে, ভাড়া, সম্পত্তি বিক্ৰীৰ লাভ, ট্ৰেজাৰী ইণকাম, ডেভিডেণ্ট AGR ত সন্নিৱিষ্ট হ’ব লাগিব। সেইসময়তে ‘subordinated debt’, কেপিটেল ৰিচিপ্ট, ডিষ্ট্ৰিবিউচন মাৰ্জন AGR ত সন্নিৱিষ্ট নকৰিবলৈ আদেশ দিয়া হৈছিল।
এতিয়া কি হ’ব?
উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত টেলিকম কোম্পানী দুটাই প্ৰায় ১.৩৩ লাখ কোটি টকা চৰকাৰক দিব লগীয়া হ’ব পাৰে। কিন্তু এতিয়া লৈকে এই জৰিমণা ৯২ হাজাৰ কোটি টকা বুলি ধৰা হৈছে। কিন্তু সুত আৰু অন্য চাৰ্জক লগ লগালে এই ধনৰ পৰিমাণ ১.৩৩ লাখ কোটি টকা হ’বগৈ। এতিয়া টেলিকম কোম্পানী দুটাই ন্যায়ালয়ৰ পৰা ৬ মাহ সময় বিচাৰিছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|