এলাৰ্ট! ১ডিচেম্বৰৰ পৰা ম’বাইলত কথা পতাটো হৈ পৰিব পাৰে মহঙা, ইমানলৈ বাঢ়িব টেৰিফ

বছৰৰ শেষৰটো মাহত সাধাৰণ মানুহৰ পকেটত মাধমাৰ শোধোৱা আন এক বাতৰি। ১ডিচেম্বৰৰ পৰা ম’বাইল ফোন উপভোক্তাৰ কাৰণে কলিং (Idea, Vodafone, Airtel to increase tariffs 1 December) আৰু ইণ্টাৰনেট ব্যৱহাৰ মহঙা হৈ পৰিব।
বছৰৰ শেষৰটো মাহত সাধাৰণ মানুহৰ পকেটত মাধমাৰ শোধোৱা আন এক বাতৰি। ১ডিচেম্বৰৰ পৰা ম’বাইল ফোন উপভোক্তাৰ কাৰণে কলিং (Idea, Vodafone, Airtel to increase tariffs 1 December) আৰু ইণ্টাৰনেট ব্যৱহাৰ মহঙা হৈ পৰিব।
- News18 Assam
- Last Updated: November 29, 2019, 2:56 PM IST
বছৰৰ শেষৰটো মাহত সাধাৰণ মানুহৰ পকেটত মাধমাৰ শোধোৱা আন এক বাতৰি। ১ডিচেম্বৰৰ পৰা ম’বাইল ফোন উপভোক্তাৰ কাৰণে কলিং (Idea, Vodafone, Airtel to increase tariffs 1 December) আৰু ইণ্টাৰনেট ব্যৱহাৰ মহঙা হৈ পৰিব। টেলিকম কোম্পানীসমূহে ইয়াৰ ঘোষণা ইতিমধ্যেই কৰি থৈছে। টেলিকম চেক্টৰৰ বিষয়ে খবৰ ৰাখোতাসকলৰ মতে ১৪বছৰৰ পুৰণি এডজাষ্টেড গ্ৰচ ৰেভিনিউ (এজিআৰ)ৰ বিবাদৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত টেলিকম কোম্পানীসমূহৰ ওপৰত লেন দেন কৰোতাসকলৰ চাপ বৃদ্ধি পাইছে। সেইকাৰণে কোম্পানীসমূহে টেৰিফ প্লেন বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাইছে।
১ডিচেম্বৰৰ পৰা ফোনত কথা পতা হৈ পৰিব মহঙা–ভাৰতী এয়াৰটেল আৰু ভোডাফোন–আইডিয়াই ১ডিচেম্বৰৰ পৰা নিজৰ টেৰিফ প্লেন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। এডজাষ্টেড গ্ৰচ ৰেভিনিউ (এজিআৰ)ৰ প্ৰচুৰ বকেয়া আদায় দিবলৈ কোম্পানীকেইটাই এই বিবেচনা কৰিছে। অৱশ্যে দুয়োটা কোম্পানীয়ে এতিয়ালৈকে জনোৱা নাই যে ম’বাইল টেৰিফ কিমান বাঢ়িব?
–ভাৰতী এয়াৰটেলেৰ মতে টেলিকম চেক্টৰত নতুন টেকনিক অহাৰ কাৰণে যথেষ্ট বেছি বিনিয়োগৰ প্ৰয়োজন হৈছে। সেইকাৰণে টেৰিফ ৰেট বৃদ্ধি কৰা হৈছে।
–মিডিয়া প্ৰতিবেদন অনুসৰি এয়াৰটেলৰ ১০০টকা ৰিচাৰ্জ ১৩৫টকালৈকে মহঙা হ’ব পাৰে।
–ইয়াৰো চৰ্চা চলিছে যে ৰিচাৰ্জৰ মূল্য বৃদ্ধি নকৰি কিছু চাৰ্ভিছ যেনে (ভইচ কল, এছএমএছ বা ডাটা)ৰ হ্ৰাস কৰা হওক। অৱশ্যে এই সম্পূৰ্ণ ছবি এটা–দুটা দিনৰ পিছতহে স্পষ্ট হ’ব।
এজিআৰৰ বিবাদক লৈ কোম্পানীৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ চাপ–উচ্চতম ন্যায়ালয়ে এজিআৰ বিবাদক লৈ দূৰসংযোগ কোম্পানীৰ বিৰুদ্ধে গোচৰ তৰা হৈছিল। ইয়াত অপাৰেটৰসকলক চৰকাৰে প্ৰচুৰ বকেয়া আদায় দিবলৈ কোৱা হৈছিল। সেইকাৰণে কোম্পানীসমূহে টেৰিফ বৃদ্ধি কৰি ইয়াৰ ক্ষতিপূৰণ কৰিব বিচাৰিছে। যদি কোম্পানীসমূহে টেৰিফ ভাউচাৰত ১০শতাংশ বৃদ্ধি কৰে তেনেহ’লে তেওঁলোকে তিনি বছৰত ৩৫হাজাৰ কোটি টকাৰ ৰাজহ লাভ কৰাৰ আশা প্ৰকাশ কৰা হৈছে।