ভাৰতী এয়াৰটেল (Bharti Airtel) ৫জিৰ লাইভ প্ৰদৰ্শন কৰা দেশৰ প্ৰথমটো টেলিকম কোম্পানী হৈ পৰিল। ভাৰতী এয়াৰটেল (Bharti Airtel) ৫জিৰ লাইভ প্ৰদৰ্শন কৰা দেশৰ প্ৰথমটো টেলিকম কোম্পানী হৈ পৰিল। হায়দৰাবাদঃ টেলিকম কোম্পানী ভাৰতী এয়াৰটেলে (Bharti Airtel) ভাৰতত ৫জি ৰেডি নেটৱৰ্কৰ ঘোষণা কৰিছে। কোম্পানীয়ে হায়দৰাবাদৰ কমাৰ্চিয়েল নেটৱৰ্কত লাইভ ৫জি চাৰ্ভিচৰ (5G Service) সফলতাপূৰ্বক প্ৰদৰ্শন কৰিছে।
এনেধৰণৰ চাৰ্ভিচ আগবঢ়োৱা প্ৰথমটো কোম্পানী হৈ পৰিছে এয়াৰটেল। কোম্পানীটোৱে নিজৰ বৰ্তমানৰ লিবাৰালাইজড স্পেকট্ৰাম ১৮০০ মেগাহাৰ্টছ বেণ্ডৰ এনএছএ নেটৱৰ্ক টেকনিকৰ মাধ্যমেৰে কৰে।
কোম্পানীৰ এমডি আৰু চিইঅ’ই কি ক’লে?
লাইভ ট্ৰায়েলক লৈ ভাৰতী এয়াৰটেলৰ এমডি আৰু চিইঅ’ গোপাল ভিট্টালে কয়, ‘সেইসকলৰ অভিযন্তাক লৈ মই গৰ্বিত যিসকলে আজি কাৰিকৰী চহৰ হায়দৰাবাদচ এই অবিশ্বাস্য ক্ষমতাৰ প্ৰদৰ্শনৰ কাৰণে অশেষ কষ্ট কৰে। আমাৰ প্ৰতিটো বিনিয়োগ ভৱিষ্যতৰ কাৰণে প্ৰমাণিত। কাৰণ হায়দৰাবাদত এইটো গেম চেঞ্জিং টেষ্ট হিচাপে বিবেচিত হৈছে।’
৫জিৰ লাইভ প্ৰদৰ্শন কৰা প্ৰথমটো কোম্পানী হ’ল এয়াৰটেল
তেওঁ লগতে কয় যে এয়াৰটেল এই ক্ষমতা প্ৰদৰ্শিত কৰা প্ৰথমটো অপাৰেটৰ হৈ পৰিছে আৰু ইয়াৰ লগে লগে আমি দেখা পালো যে ভাৰতে সদায় প্ৰতিজন ভাৰতীয়ক শক্তিশালী কৰিবলৈ নিজৰ সন্ধানত নতুন টেকনিৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত সকলোতকৈ আগত।
First published: January 29, 2021, 10:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|