২৫ মে’ৰ পৰা আৰম্ভ হ’ব ঘৰুৱা বিমান সেৱা, যাত্ৰীয়ে পালন কৰিব লাগিব এইখিনি নিয়ম

News18 Assam | News18-Assam
Updated:May 21, 2020, 1:34 PM IST
২৫ মে’ৰ পৰা আৰম্ভ হ’ব ঘৰুৱা বিমান সেৱা, যাত্ৰীয়ে পালন কৰিব লাগিব এইখিনি নিয়ম
যাত্ৰীসকলৰ অহা–যোৱাৰ কাৰণে মন্ত্ৰালয়ে বেলেগকৈ জাৰি কৰিছে বিশেষ গাইড লাইন

যাত্ৰীসকলৰ অহা–যোৱাৰ কাৰণে মন্ত্ৰালয়ে বেলেগকৈ জাৰি কৰিছে বিশেষ গাইড লাইন

  • Share this:
অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে বুধবাৰে প্ৰকাশ কৰে যে, ২৫মে’ৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ হ’ব। পুৰীয়ে টুইটত জনায় যে, সোমবাৰ, ২৫মে’, ২০২০ৰ পৰা ঘৰুৱা বিমানসেৱা আৰম্ভ হ’ব। সকলো বিমানবন্দৰ আৰু বিমান কোম্পানীক ২৫মে’ৰ পৰা সঞ্চালনৰ কাৰণে সাজু হ’বলৈ কোৱা হৈছে।

যাত্ৰীসকলৰ অহা–যোৱাৰ কাৰণে মন্ত্ৰালয়ে বেলেগকৈ জাৰি কৰিছে বিশেষ গাইড লাইন।মুঠ ছয় পৃষ্ঠাৰ গাইড লাইনত যাত্ৰীসকলৰ লগতে এয়াৰ লাইনছ ষ্টাফ, নিৰাপত্তাৰাক্ষীসকলকো সামৰি লোৱা হৈছে।


  • নিৰ্ধাৰিত সময়তকৈ দুঘণ্টা আগতীয়াকৈ যাত্ৰীসকল বিমানবন্দৰত উপস্থিত হ’বলৈ লাগিব।

  • বিমানবন্দৰ্ত যাত্ৰীসকলক কৰা হ’ব স্বাস্থ্য পৰীক্ষা। সকলো ঠিকে থাকিলেহে বিমানবন্দৰৰ ভিতৰলৈ সোমাবলৈ দিয়া হ’ব।

  • যাত্ৰাৰ সময়ত যাত্ৰীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

  • বিমানবন্দৰলৈ যাওতে অথৰাইজড টেক্সিহে ব্যৱহাৰ কৰিব পাৰিব।


  • এয়াৰপৰ্টত পেমেণ্ট কৰাৰ সময়ত ডিজিটেল মেথড হে ব্যৱহাৰ কৰিব পাৰিব।

  • প্ৰতিগৰাকী যাত্ৰীয়ে ৪ ফুট ব্যৱধানৰ সামাজিক দুৰত্ব মানিব লাগিব

  • ১৪ বছৰৰ ওপৰৰ প্ৰতিগৰাকীৰ বাবে আৰোগ্য সেতু এপ বাধ্যতামূলক। লগতে যাত্ৰীৰ ৰাজ্যখন গ্ৰীণ জ’নৰ হ’ব লাগিব।

  • হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিব।

  • যাত্ৰাৰ অন্তত নিজৰ বেগ লোৱাৰ সময়ত ভিৰ কৰিব নোৱাৰিব

  • চিটিং এৰেঞ্জমেণ্টৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশনা দিয়া হৈছে।

  • কেবিনত থকা সকলে পি পিই কিট পৰিধান কৰাটো বাধ্যতমূলক।

  • যাত্ৰাৰ সময়ত কোনো ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰা নহ’ব। কেৱল পানী যোগান ধৰা হ’ব। যাত্ৰীসকলেও নিব নোৱাৰিব খাদ্য সামগ্ৰী।

  • বিমানত কোনোধৰণৰ মেগাজিন, বাতৰি কাকত যোগান ধৰা নহ’ব।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading