ৰাজস্থানৰ ভৰতপুৰত (Bharatpur) ভাৰতীয় সেনাৰ এখন চাৰ্টাৰ্ড বিমান দুৰ্ঘটনা পতিত হয় (Aircraft crashes in Bharatpur)। শনিবাৰে পুৱা ভৰতপুৰৰ ছেৱৰ থানাৰ অন্তৰ্গত নগলা ভিজাত দুৰ্ঘটনাত পতিত হয় এই বিমানখন (Chartered plane crashes in Rajasthan)। দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে টুকুৰা–টুকুৰ হৈ পৰে বিমানখন আৰু প্ৰচণ্ড বিস্ফোৰণৰ সৈতে জ্বলি উঠে। এখন গাঁৱৰ সমীপৰ মুকলি স্থানত দুৰ্ঘটনাত পতিত হয় বিমানখন। বিমান দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী–প্ৰশাসনৰ বিষয়া ঘটনাস্থলীত উপস্থিত হয়। ভিৰ কৰে স্থানীয় লোকে।
জানিব পৰা মতে, ভৰতপুৰৰ পিংগোৰা ৰে’লৱে ষ্টচনৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। সূত্ৰ অনুসৰি, এই চাৰ্টাৰ্ড বিমানখন আগ্ৰাৰ পৰা উৰা মাৰিছিল। বিমানখনত কিমানজন লোক আছিল সেই সম্পৰ্কে স্পষ্টকৈ এতিয়াও জানিব পৰা হোৱা নাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 28, 2023, 17:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|