বায়ু প্ৰদূষণৰ ফলতেই প্ৰতি বছৰে দেশত লোকচান হয় ৭ লাখ কোটি টকাৰ ব্যৱসায় ! মৃত্যু হয় প্ৰায় ১৫ লাখ লোকৰ !
ডালবাৰ্গ এডভাইজাৰৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, বায়ু প্ৰদূষণৰ ফলত ভাৰতীয় ব্যৱসায়ে প্ৰতি বছৰে ৯৫ বিলিয়ন ডলাৰ অৰ্থাৎ ৭ লাখ কোটি হেৰুৱায়। যিটো ভাৰতৰ মুঠ GDPৰ প্ৰায় ৩ শতাংশ।
ডালবাৰ্গ এডভাইজাৰৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, বায়ু প্ৰদূষণৰ ফলত ভাৰতীয় ব্যৱসায়ে প্ৰতি বছৰে ৯৫ বিলিয়ন ডলাৰ অৰ্থাৎ ৭ লাখ কোটি হেৰুৱায়। যিটো ভাৰতৰ মুঠ GDPৰ প্ৰায় ৩ শতাংশ।
- News18 Assam
- Last Updated: April 22, 2021, 9:49 AM IST
ডালবাৰ্গ এডভাইজাৰ আৰু উদ্যোগিক গোট চিআইআই(CII)ৰ দ্বাৰা জাৰি কৰা এই প্ৰতিবেদনত কোৱা হৈছে যে এই লোকচান বাৰ্ষিক কৰ সংগ্ৰহৰ ৫০% বা ভাৰতৰ স্বাস্থ্য বাজেটৰ ডেৰ গুণৰ সমান। এই প্ৰতিবেদনত লগতে কোৱা হৈছে যে ভাৰতৰ GDPত ৯% অৰিহণা যোগোৱা দেশৰ তথ্য প্ৰযুক্তি খণ্ডই প্ৰদূষণৰ ফলত উৎপাদনশীলতা হ্ৰাস হোৱাৰ বাবে প্ৰতি বছৰে ১.৩ বিলিয়ন আমেৰিকান ডলাৰৰ লোকচানৰ সন্মুখীন হয় । যদি দেশৰ এই বায়ু প্ৰদূষণ বৰ্তমানৰ আনুমানিক হাৰত বৃদ্ধি হৈ থাকে তেন্তে ২০৩০লৈ এই সংখ্যা প্ৰায় দুগুণ হোৱাৰো সম্ভাৱনা আছে ।
ইপিনে ২০৩০ চনৰ ভিতৰত এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ যাৰ ফলত ভাৰত সেই মুখ্য দেশসমূহৰ শাৰীত অৱতীৰ্ণ হ’ব, য'ত অকাল মৃত্যুয়ে বিশ্বৰ অৰ্থনীতিৰ ক্ষতি কৰে । অৰ্থনৈতিক ভাৱে লক্ষ্য কৰিলে, কাম কৰা দিনৰ লোকচানৰ বাবেই ভাৰতীয় অৰ্থনীতিয়ে ২০১৯ চনত ৪৪ বিলিয়ন আমেৰিকান ডলাৰ হেৰুৱাবলগীয়া হৈছিল।
বায়ু প্ৰদূষণৰ ফলতেই প্ৰতি বছৰে দেশত প্ৰায় ১.৫ নিযুত লোকৰ মৃত্যু হয় । ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (NGT)য়ে বায়ুৰ মানদণ্ড উন্নত কৰাৰ বাবে কাৰ্যকৰী পদক্ষেপৰ নিৰীক্ষণৰ বাবে আঠ জনীয়া ৰাষ্ট্ৰীয় টাস্ক ফ'ৰ্চ (NTF) গঠন কৰিছে। এনজিটিৰ অধ্যক্ষ ন্যায়াধীশ এ কে গোৱেলৰ নেতৃত্বত এখন বিচাৰপীঠে কৈছিল যে চৰকাৰে সকলো স্তৰত সামগ্ৰিক আৰু সম্বন্বিত প্ৰচেষ্টা কৰাৰ এতিয়া সময়ৰ আহি পৰিছে ৷
বায়ু আৰু পৰিৱেশৰ উন্নতিৰ বাবে বিশেষজ্ঞসকলৰ মতামত বিচৰা হৈছে -
দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে এই সম্পৰ্কত কৈছিল যে প্ৰদূষণ হ্ৰাসৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ বিশেষজ্ঞসকলৰ পৰা মতামত বিচৰা হৈছেে । দিল্লীৰ বায়ু আৰু পৰিৱেশ উন্নত কৰাৰ বাবে এক বৃহৎ অভিযান আৰম্ভ কৰা হ'ব । বহু বিশেষজ্ঞই সন্মিলনত তেওঁলোকৰ পৰামৰ্শ দিছে আৰু অধ্যয়নৰ পিছত এই পৰামৰ্শবোৰ লৈ চৰকাৰ আগবাঢ়িব ।












