দেশত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত ইয়ে মানুহৰ স্বাস্থ্যৰ লগতে ব্যৱসায় বাণিজ্যৰ যথেষ্ট ক্ষতি কৰিবলৈ লৈছে । এক অধ্যয়নৰ প্ৰকাশিত প্ৰতিবেদন অনুসৰি, বায়ু প্ৰদূষণৰ ফলতেই ভাৰতীয় ব্যৱসায়ে প্ৰতি বছৰে ৯৫ বিলিয়ন ডলাৰ অৰ্থাৎ ৭ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হয় । যি ভাৰতৰ মুঠ GDPৰ প্ৰায় ৩ শতাংশ ।
ডালবাৰ্গ এডভাইজাৰ আৰু উদ্যোগিক গোট চিআইআই(CII)ৰ দ্বাৰা জাৰি কৰা এই প্ৰতিবেদনত কোৱা হৈছে যে এই লোকচান বাৰ্ষিক কৰ সংগ্ৰহৰ ৫০% বা ভাৰতৰ স্বাস্থ্য বাজেটৰ ডেৰ গুণৰ সমান। এই প্ৰতিবেদনত লগতে কোৱা হৈছে যে ভাৰতৰ GDPত ৯% অৰিহণা যোগোৱা দেশৰ তথ্য প্ৰযুক্তি খণ্ডই প্ৰদূষণৰ ফলত উৎপাদনশীলতা হ্ৰাস হোৱাৰ বাবে প্ৰতি বছৰে ১.৩ বিলিয়ন আমেৰিকান ডলাৰৰ লোকচানৰ সন্মুখীন হয় । যদি দেশৰ এই বায়ু প্ৰদূষণ বৰ্তমানৰ আনুমানিক হাৰত বৃদ্ধি হৈ থাকে তেন্তে ২০৩০লৈ এই সংখ্যা প্ৰায় দুগুণ হোৱাৰো সম্ভাৱনা আছে ।
ইপিনে ২০৩০ চনৰ ভিতৰত এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ যাৰ ফলত ভাৰত সেই মুখ্য দেশসমূহৰ শাৰীত অৱতীৰ্ণ হ’ব, য'ত অকাল মৃত্যুয়ে বিশ্বৰ অৰ্থনীতিৰ ক্ষতি কৰে । অৰ্থনৈতিক ভাৱে লক্ষ্য কৰিলে, কাম কৰা দিনৰ লোকচানৰ বাবেই ভাৰতীয় অৰ্থনীতিয়ে ২০১৯ চনত ৪৪ বিলিয়ন আমেৰিকান ডলাৰ হেৰুৱাবলগীয়া হৈছিল।
বায়ু প্ৰদূষণৰ বাবেই প্ৰতি বছৰে ১৫ লাখ লোকৰ মৃত্যু হয় -
বায়ু প্ৰদূষণৰ ফলতেই প্ৰতি বছৰে দেশত প্ৰায় ১.৫ নিযুত লোকৰ মৃত্যু হয় । ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (NGT)য়ে বায়ুৰ মানদণ্ড উন্নত কৰাৰ বাবে কাৰ্যকৰী পদক্ষেপৰ নিৰীক্ষণৰ বাবে আঠ জনীয়া ৰাষ্ট্ৰীয় টাস্ক ফ'ৰ্চ (NTF) গঠন কৰিছে। এনজিটিৰ অধ্যক্ষ ন্যায়াধীশ এ কে গোৱেলৰ নেতৃত্বত এখন বিচাৰপীঠে কৈছিল যে চৰকাৰে সকলো স্তৰত সামগ্ৰিক আৰু সম্বন্বিত প্ৰচেষ্টা কৰাৰ এতিয়া সময়ৰ আহি পৰিছে ৷
বায়ু আৰু পৰিৱেশৰ উন্নতিৰ বাবে বিশেষজ্ঞসকলৰ মতামত বিচৰা হৈছে -
দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে এই সম্পৰ্কত কৈছিল যে প্ৰদূষণ হ্ৰাসৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ বিশেষজ্ঞসকলৰ পৰা মতামত বিচৰা হৈছেে । দিল্লীৰ বায়ু আৰু পৰিৱেশ উন্নত কৰাৰ বাবে এক বৃহৎ অভিযান আৰম্ভ কৰা হ'ব । বহু বিশেষজ্ঞই সন্মিলনত তেওঁলোকৰ পৰামৰ্শ দিছে আৰু অধ্যয়নৰ পিছত এই পৰামৰ্শবোৰ লৈ চৰকাৰ আগবাঢ়িব ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|