ভাৰতীয় মহিলা পাইলটে ৰচিলে ইতিহাস, ছান ফ্ৰান্সিছকোৰ পৰা বেংগালুৰুলৈ বিশ্বৰ আটাইতকৈ দীঘলীয়া বিমান যাত্ৰা

জয়াই ২০১৩ত বইং–৭৭৭ বিমান উৰুৱাইছিল।
জয়াই ২০১৩ত বইং–৭৭৭ বিমান উৰুৱাইছিল।
- News18 Assam
- Last Updated: January 10, 2021, 11:44 AM IST
এয়াৰ ইণ্ডিয়াৰ ফালৰ পৰা জাৰি কৰা বিজ্ঞপ্তিত কোৱা হৈছে যে পাইলট কেপ্টেইন জয়া আৰু তেওঁৰ দলক এই কামৰ দায়িত্ব দিয়া হৈছিল। জয়াই ২০১৩ত বইং–৭৭৭ বিমান উৰুৱাইছিল। সেই সময়ত এই বিমান উৰুওৱা আটাইতকৈ যুৱ মহিলা পাইলট আছিল জয়া। যাৰ ফলত এইবাৰ জয়াক দিয়া হৈছিল এই ডাঙৰ দায়িত্ব।
কেপ্টেইন জয়াই কয়, সমগ্ৰ বিশ্বৰ অধিকাংশ লোকে জীৱনত নৰ্থ প’ল চোৱাৰ সৌভাগ্য নহয়। মই সঁচাকৈয়ে নিজকে সৌভাগ্যশালী বুলি ভাবো যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয় আৰু আমাৰ ফ্লেগ কেৰিয়াৰে মোৰ ওপৰত ভৰসা কৰিছে। নৰ্থ প’লৰ ওপৰেৰে ছান ফ্ৰান্সিছকোৰ পৰা বেংগালুৰুলৈ বিশ্বৰ আটাইতকৈ দীঘলীয়া বিমানপথ আৰু বইং–৭৭৭ৰে প্ৰথম উৰণৰ কমাণ্ড কৰাটো সঁচাকৈ সোণালী সুযোগ।