• Home
  • »
  • News
  • »
  • nation
  • »
  • Air Indiaই কাঢ়িলে ৫০জনকৈ পাইলটৰ লগতে ক্ৰিউ মেম্বাৰৰ চাকৰি

Air Indiaই কাঢ়িলে ৫০জনকৈ পাইলটৰ লগতে ক্ৰিউ মেম্বাৰৰ চাকৰি

আইচিপিএৰ পত্ৰত কোৱা হৈছে যে ৫০জন পাইলটে কোম্পানীৰ সেৱা নিয়ম উলংঘা কৰাক লৈ পাৰ্ছনেল ডিপাৰ্টমেণ্টৰ পৰা অবৈধ টাৰ্মিনেচন লেটাৰ লাভ কৰিছে।

  • Share this:
পাৰ্ছনেল ডিপাৰ্টমেণ্টে নিশাটোৰ ভিতৰতে চাকৰি কাঢ়িলে এয়াৰ ইণ্ডিয়াৰ বহুকেইজন পাইলটৰ। পাইলটৰ উপৰি কেই‍বাজনো ক্ৰিউ মেম্বাৰৰো কনট্ৰেক্ট ৰিনিউ নকৰি উলিয়াই দিয়ে চাকৰিৰ পৰা। পাইলটসকলৰ অভিযোগ, পাৰ্ছনেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গ্ৰহণ কৰা এই সিদ্ধান্ত অবৈধ। তেওঁলোকে এই বিষয়ত এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী কৰিছে। ইণ্ডিয়ান কমাৰ্ছিয়েল পাইলট্ছ এছ’চিয়েচন (ICPA)–ই এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰাজীৱ বাঞ্চালক এই বিষয়ে পত্ৰ লিখিছে।

আইচিপিএৰ পত্ৰত কোৱা হৈছে যে ৫০জন পাইলটে কোম্পানীৰ সেৱা নিয়ম উলংঘা কৰাক লৈ পাৰ্ছনেল ডিপাৰ্টমেণ্টৰ পৰা অবৈধ টাৰ্মিনেচন লেটাৰ লাভ কৰিছে। সংগঠনটোৱে টুইটাৰযোগে জনাইছে যে নিশাটোৰ ভিতৰতে আমাৰ ৫০জন পাইলটক সেৱাৰ পৰা আঁতৰোৱা হৈছে। এই মহামাৰীৰ সময়ত ৰাষ্ট্রৰ সেৱাত নিয়োজিতসকলৰ বাবে এয়া ডাঙৰ মাধমাৰ। ইয়াৰ উপৰি কেইবাজনো ক্ৰিউ মেম্বাৰৰ কনট্ৰেক্ট ৰিনিউ কৰা হোৱা নাই, যিসকলে ৫ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছে। কোৱা হৈছে যে দক্ষিণ ক্ষেত্ৰত ১৮জন ক্ৰিউ মেম্বাৰৰ সেৱা সমাপ্ত কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি