• Home
  • »
  • News
  • »
  • nation
  • »
  • Viral Video: দিল্লীৰ ৰাজপথত নিশা ফুটব্ৰিজৰ তল পালে বাতিল বিমান, আচম্বিত সকলো, চাওক ভাইৰেল ভিডিঅ'

Viral Video: দিল্লীৰ ৰাজপথত নিশা ফুটব্ৰিজৰ তল পালে বাতিল বিমান, আচম্বিত সকলো, চাওক ভাইৰেল ভিডিঅ'

এখন এয়াৰবাছ সাধাৰণ বাছৰ দৰে হঠাতে ৰাস্তাত থিয় হৈ থকা দেখি সকলোৱে আচৰিত হৈ পৰে।

এখন এয়াৰবাছ সাধাৰণ বাছৰ দৰে হঠাতে ৰাস্তাত থিয় হৈ থকা দেখি সকলোৱে আচৰিত হৈ পৰে।

এখন এয়াৰবাছ সাধাৰণ বাছৰ দৰে হঠাতে ৰাস্তাত থিয় হৈ থকা দেখি সকলোৱে আচৰিত হৈ পৰে।

  • Share this:
নিশা দিল্লীৰ ৰাজপথত হঠাতে দেখা গ'ল এখন বিমান। এয়াৰ ইণ্ডিয়াৰ বিমানখন এখন ফুটব্ৰিজৰ তলেৰে পাৰ হৈ যোৱাৰ সময়ত সকলোৰে দৃষ্টি স্থিৰ হৈছিল তালৈ। ভয়–শংকাৰ লগতে হৈছিল আচৰিতো। বিমানখন ফুটব্ৰীজৰ তলত হঠাতে আবদ্ধ হৈ পৰিছিল, কিয়নো ইয়াৰ ওপৰভাগ ফুটব্ৰিজৰ তলত লাগি ধৰিছিল।

পিছত দেখা গ'ল এয়া এয়াৰ ইণ্ডিয়াৰ এখন পুৰণি বিমান। এনে এখন পুৰণি বিমানৰ অংশ বিক্ৰীৰ বাবে ক'ৰবালৈ নি থকা হৈছিল ৰাজপথেৰে। এখন ট্ৰেইলাৰত পৰিবহণ কৰা হৈছিল বিমানখন৷ কিন্তু বিমানখনৰ ওপৰৰ অংশ ফুটব্ৰীজত লাগি ধৰে। ফলস্বৰূপে বিমানখন কিছু সময় পথত ৰখাই থ'ব লগা হয়। এই ঘটনাৰ ভিডিঅ' ভাইৰেল হ'বলৈ বেছি সময় নালাগিল৷

 



এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ কিছু অংশ ক্ৰয় কৰা কোম্পানীটোৰ নতুন গৰাকীৰ ওচৰলৈ লৈ যোৱা হৈছিল৷ কিন্তু বাটতে এনে ঘটনা সংঘটিত হয়। এখন এয়াৰবাছ সাধাৰণ বাছৰ দৰে হঠাতে ৰাস্তাত থিয় হৈ থকা দেখি সকলোৱে আচৰিত হৈ পৰে। ৰাজধানীৰ ৰাজপথত এনে ঘটনাই সকলোকে শংকাৰ মাজতো পেলায়। পিছত আচল কথাটো জানি সকলোৱে স্বস্তিৰ নিশ্বাস পেলায়।
Published by:Gautam Barman
First published: