• Home
  • »
  • News
  • »
  • nation
  • »
  • ভয়ংকৰ ঘটনা! কেৰালাত ভয়ংকৰ বিমান দুৰ্ঘটনা, পাইলট সহ ৩ জন থিতাতে নিহত

ভয়ংকৰ ঘটনা! কেৰালাত ভয়ংকৰ বিমান দুৰ্ঘটনা, পাইলট সহ ৩ জন থিতাতে নিহত

কেৰালাৰ কোঝিকোডত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ বিমান দুৰ্ঘটনা। লেণ্ডিঙৰ সময়ত সংঘটিত হয় দুৰ্ঘটনা।

কেৰালাৰ কোঝিকোডত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ বিমান দুৰ্ঘটনা। লেণ্ডিঙৰ সময়ত সংঘটিত হয় দুৰ্ঘটনা।

কেৰালাৰ কোঝিকোডত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ বিমান দুৰ্ঘটনা। লেণ্ডিঙৰ সময়ত সংঘটিত হয় দুৰ্ঘটনা।

  • Share this:
কেৰালাৰ কোঝিকোডত শুকুৰবাৰে ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। কোঝিকোডৰ কৰিপুৰ বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমানখন লেণ্ডিং কৰাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো। বিমানখন ডুবাইৰ পৰা কালীকোট লৈ গৈ আছিল। জানিব পৰা মতে, বিমানখনত আছিল প্ৰায় ১৯১ গৰাকী যাত্ৰী। দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হৈছে পাইলট সহ তিনিজন লোকৰ। এই মুহূৰ্তলৈকে ৩৫ জনতকৈ অধিক লোক আহত হৈছে বুলি খবৰ আহিছে। বৰ্তমানো সন্ধানহীন ৫০ৰ পৰা ৬০ জন যাত্ৰী। বৰ্তমান চলি আছে উদ্ধাৰ অভিযান।


জানিব পৰা মতে, এই ফ্লাইট খন আছিল IX1344 নম্বৰৰ। ডুবাইৰ পৰা বিয়লি ৪.৪৫ বজাত  উৰা মাৰিছিল বিমানখন। আৰু কেৰালাৰ কোঝিকোডৰ কৰিপুৰ বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। এই মুহূৰ্তলৈকে লাভ কৰা তথ্য মতে, ৰানৱেত পিছলি যোৱাৰ ফলতে  সংঘটিত হয় দুৰ্ঘটনাটো।



ইফালে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে  ফায়াৰ বিগ্ৰেড আৰু এম্বুলেন্স। ঘটনাত দুখ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি