এয়াৰ ইণ্ডিয়াৰ ব্যক্তিগতকৰণ সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাৰ ওৰ পৰিল। বিগত সময়ছোৱাত লোকচানৰ সন্মুখীন হৈ অহা তথা ধনৰ অভাৱত ভোগা এয়াৰ ইণ্ডিয়া (Air India)সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে (Hardeep Singh Puri)। তেওঁ কয় যে এই বৰ্ষৰ শেষৰফালে এয়াৰ ইণ্ডিয়াৰ নিৰ্বিনিয়োজন (Disinvestment) হোৱাৰ সম্ভাৱনা আছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, কোৰোণা মহামাৰীৰ দ্বিতীয় ঢৌৰ বাবে এয়াৰ ইণ্ডিয়াৰ পুনঃবিনিয়োগ প্ৰক্ৰিয়াত পলম হৈছিল আৰু এইসন্দৰ্ভত আশ্বাস প্ৰদান কৰে যে ২০২১ৰ ভিতৰতেই এইটো সম্ভৱ হৈ উঠিব। সংবাদ সংস্থা এএনআইৰ (ANI) সৈতে বাৰ্তালাপ কৰি পুৰীয়ে কয়, 'এয়াৰ ইণ্ডিয়াক নিৰ্বিনিয়োজন কৰা হৈছে। মহামাৰীৰ বাবে এইক্ষেত্ৰতত কিছু সময় লাগিব। মই আপোনালোকক আশ্বাস দিব বিচাৰো যে এই বছৰ এয়াৰ ইণ্ডিয়াৰ নিৰ্বিনিয়োজন সম্পন্ন হ'ব।'
ইয়াৰ পূৰ্বে ২৭ মাৰ্চ ২০২১ত হৰদীপ সিং পুৰীয়ে কৈছিল যে এয়াৰ ইণ্ডিয়াক মে' বা জুনৰ শেষৰ ফালে এটা ব্যক্তিগত কোম্পানীৰ অধীনলৈ অনা হ'ব। বিমান পৰিবহণ মন্ত্ৰীয়ে এইটোও কৈছিল যে যেতিয়াই নিৰ্বিনিয়োজন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়াই এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত হ'ব।
জানুৱাৰী ২০১৯ত আৰম্ভ হৈছিল এই প্ৰক্ৰিয়া
দৰাচলতে, এয়াৰ ইণ্ডিয়াত থকা চৰকাৰী অংশ জানুৱাৰী ২০১৯ তে বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। চৰকাৰী বিমান সংস্থাটোৱে বহু বছৰ ধৰি লোকচানৰ সন্মুখীন হৈ আহিছে আৰু পৰিস্থিতিৰে মোকাবিলাৰ বাবে চৰকাৰী সাহায্যও প্ৰদান কৰিছিল।
ইয়াৰ পূৰ্বে, কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী পুৰীয়ে চিএনবিচি-টিভি১৮ (CNBC-TV18)ক কৈছিল যে, বিনিয়োগ আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে বিত্ত মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়াৰ অংশ বিক্ৰী কৰাৰ প্ৰক্ৰিয়া চলাই আছে।
এয়াৰ ইণ্ডিয়া বিক্ৰী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ এইটো দ্বিতীয় প্ৰচেষ্টা। ইয়াৰ পূৰ্বে ২০১৮ চনত এয়াৰ ইণ্ডিয়াৰ ৭৬ শতাংশ অংশ বিক্ৰী কৰাৰ জাননী দিয়া হৈছিল যদিও কোনো নিবিদাদাতাই ইয়াৰ বাবে আগ্ৰহ প্ৰকাশ নকৰিলে। তেনেক্ষেত্ৰত শেহতীয়াভাৱে কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰীয়ে কৰা ঘোষণা কিমানদূৰ সফল হ'ব সেয়া সময়েহে ক'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|