• Home
  • »
  • News
  • »
  • nation
  • »
  • Air Indiaৰ নিয়ন্ত্ৰণ পুনৰ টাটা গ্ৰুপৰ হাতলৈ যোৱাৰ কথা অস্বীকাৰ ভাৰত চৰকাৰৰ

Air Indiaৰ নিয়ন্ত্ৰণ পুনৰ টাটা গ্ৰুপৰ হাতলৈ যোৱাৰ কথা অস্বীকাৰ ভাৰত চৰকাৰৰ

সংবাদ মাধ্যমত  চৰকাৰী কোম্পানী এয়াৰ ইণ্ডিয়া (Air India) এতিয়া টাটা গ্ৰুপৰ নিয়ন্ত্ৰণলৈ আহিব বুলি প্ৰকাশ পাইছিল খবৰ।

  • Share this:
Air indiaৰ নিয়ন্ত্ৰণ টাটা গ্ৰুপৰ হাতলৈ যোৱাৰ খবৰ অস্বীকাৰ কৰিছে ভাৰত চৰকাৰে। ভাৰত চৰকাৰৰ ইনভেষ্টমেণ্ট এণ্ড পাব্লিক এছেট মেনেজমেণ্ট বিভাগৰ সচিবে এই কথা অস্বীকাৰ কৰিছে। চৰকাৰে তেনে কোনো সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া সংবাদ মাধ্যমক জনোৱা হ’ব বুলি মন্তব্য কৰে তেওঁ।

উল্লেখযোগ্য যে সংবাদ মাধ্যমত  চৰকাৰী কোম্পানী এয়াৰ ইণ্ডিয়া (Air India) এতিয়া টাটা গ্ৰুপৰ নিয়ন্ত্ৰণলৈ আহিব বুলি প্ৰকাশ পাইছিল খবৰ। এয়াৰ ইণ্ডিয়াৰ বিক্ৰী প্ৰক্ৰিয়াত টাটা গ্ৰুপে আটাইতকৈ বেছি মূল্য লগাই বিড জিকিছে বুলি প্ৰকাশ হৈছিল বাতৰি। সংবাদ প্ৰতিষ্ঠান ব্লুমবাৰ্গৰ ৰিপ’ৰ্টত কোৱা হৈছিল যে Air Indiaৰ বাবে পেনেলে টাটা গ্ৰুপক নিৰ্বাচিত কৰিছে। আগন্তুক সময়ত চৰকাৰে শীঘ্ৰে এই ঘোষণা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। 

ভাৰত চৰকাৰৰ ইনভেষ্টমেণ্ট এণ্ড পাব্লিক এছেট মেনেজমেণ্ট বিভাগৰ সচিবগৰাকীয়ে কয় যে এয়াৰ ইণ্ডিয়াৰ বিনিয়োগৰ সম্পৰ্কত ভাৰত চৰকাৰৰ দ্বাৰা বিত্তীয় বিড অনুমোদনৰ সংকেত দিয়া মিডিয়া ৰিপ’ৰ্ট অসত্য।
Published by:Sanjay Kumar Das
First published: