কোৰোণা সংক্ৰমণৰ সজাগতা, এয়াৰ হোষ্টেজ আৰু বিমান আৰোহীৰ বাবে বিশেষ ব্যৱস্থা

News18 Assam | News18-Assam
Updated:May 29, 2020, 10:11 AM IST
কোৰোণা সংক্ৰমণৰ সজাগতা, এয়াৰ হোষ্টেজ আৰু বিমান আৰোহীৰ বাবে বিশেষ ব্যৱস্থা
বৰ্তমান সময়ত উত্তৰ–পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীলৈ অহা যাত্ৰীসকলক দেখা গৈছে ব্যতিক্ৰমী ৰূপত।

বৰ্তমান সময়ত উত্তৰ–পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীলৈ অহা যাত্ৰীসকলক দেখা গৈছে ব্যতিক্ৰমী ৰূপত।

  • Share this:
উত্তৰ–পূৰ্বাঞ্চল বিশেষকৈ অসমত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে। সেই সময়তে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসম আৰু উত্তৰ–পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ আহিবলগীয়া বিমানসমূহৰ এয়াৰ হোষ্টেজ আৰু বিমান আৰোহীক দেখা গৈছে অন্য এক ৰূপত। এয়াৰ হোষ্টেজ সকলে পিপিই কিট পিন্ধাৰ উপৰি যাত্ৰী সকলে পিন্ধিছে মাস্কৰ আৰ্হিৰ ইণ্ডিগ’ৰ বিশেষ কীট।

এনেদৰেই বৰ্তমান সময়ত উত্তৰ–পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীলৈ অহা যাত্ৰীসকলক দেখা গৈছে ব্যতিক্ৰমী ৰূপত। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰী আৰু এয়াৰ হোষ্টেজৰ মাজত যাতে কোৰোণা ভাইৰাছ সংক্ৰমণ নহয় তাৰ বাবে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে দেশৰ বিমান সেৱা প্ৰাধিকৰণে। উল্লেখযোগ্য যে ২৫ মে’ৰ পৰা দেশত আৰম্ভ হৈছে বিমান সেৱা, য'ত গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো ২৫ মে’ৰ পিছত প্ৰতিদিনে অৱতৰণ কৰিছে বহু বিমান।
First published: May 29, 2020, 10:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading