শনিবাৰে ভাৰতীয় বায়ুসেনা দিৱস উপলক্ষে চণ্ডীগড়ত ভাৰতীয় বায়ু সেনাৰ বাৰ্ষিক বায়ুসেনা দিৱসৰ পেৰেড অনুষ্ঠানত নতুন কম্বেট ইউনিফৰ্ম মুকলি কৰা হয়। দিল্লী-এনচিআৰৰ বাহিৰত এইবাৰ বাৰ্ষিক বায়ুসেনা দিৱস পেৰেড আৰু ফ্লাই-পাষ্ট কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় বায়ু সেনাই।
উইং কমাণ্ডাৰ কুনাল খান্না আৰু অন্যান্য বায়ুসেনা বিষয়াসকলে মুকলি কৰে আই এ এফৰ নতুন কম্বেট ইউনিফৰ্ম, য’ত প্ৰথমবাৰৰ বাবে কম্বেট টি-চাৰ্ট প্ৰৱৰ্তন কৰা হয়। বায়ুসেনাৰ স্থায়ী সাজ-পোছাক সমিতিয়ে এই ইউনিফৰ্মৰ ডিজাইন কৰিছিল।
সীমান্তৰ উত্তেজনা, পৰিৱৰ্তিত যুদ্ধ ব্যৱস্থা আৰু চৰম বতৰৰ প্ৰতি লক্ষ্য ৰাখি এই ইউনিফৰ্মৰ সৃষ্টি কৰা হৈছে। সূত্ৰ অনুসৰি ইউনিফৰ্মটোৱে কেইবাটাও চৰম বতৰৰ পৰিস্থিতিত সহ্য কৰিব পাৰে।
নতুন কম্বেট ইউনিফৰ্মৰ কিছুমান মূল উপাদান হ’ল কম্বেট টি-চাৰ্ট, ফিল্ড স্কেল ডিষ্ট্ৰপটিভ হেট, কম্বেট ব’নি হেট, ডিছষ্ট্ৰপটিভ ৱেব বেল্ট, এংকলেট কম্বেট বুট, আৰু এটা মেটচিং পাগুৰি।
ইউনিফৰ্মটোও এনেদৰে ডিজাইন কৰা হৈছে যাতে জোৱানজনক ছদ্মবেশত থাকিবলৈ সহায় কৰিব। কাপোৰযোৰ আগৰটোতকৈ মজবুত আৰু ভাল বাবে ইয়াক বেছি সময় পিন্ধিব পৰা যাব। ই এক বহুমুখী ইউনিফৰ্ম যিটো কাশ্মীৰৰ পাহাৰৰ পৰা আৰম্ভ কৰি উপদ্বীপৰ উপকূলীয় অঞ্চললৈকে কেইবাটাও ভূখণ্ডত পিন্ধিব পাৰি।
বাৰ্ষিক পেৰেডত জোৱানসকলে নতুন যুদ্ধ ইউনিফৰ্মত শোভা বঢ়োৱা দেখা গৈছিল। ইয়াৰ উপৰিও আই এ এফে হ্ৰদটোত প্ৰায় ৮০ খন সামৰিক বিমান আৰু হেলিকপ্টাৰে অংশগ্ৰহণ কৰি এক ঘণ্টাজোৰা এয়াৰ শ্ব’ অনুষ্ঠিত কৰে, য’ত শেহতীয়াকৈ স্থানীয়ভাৱে নিৰ্মিত লাইট কম্বেট হেলিকপ্টাৰ (এল চি এইচ) “প্ৰচণ্ড”ও আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|