• Home
  • »
  • News
  • »
  • nation
  • »
  • এয়াৰ ট্ৰেজেডি : পত্নী সন্ধ্যাই উৰণৰ সংকেত দিছিল পাইলট স্বামী আশিসক

এয়াৰ ট্ৰেজেডি : পত্নী সন্ধ্যাই উৰণৰ সংকেত দিছিল পাইলট স্বামী আশিসক

বিমানখন ৰাওনা হোৱাৰ সময়ত তেওঁৰ পত্নীও সন্ধ্যাও যোৰহাটতে কৰ্তব্যৰত আছিল। পত্নীয়ে উৰণৰ সংকেট দিছিল আশিসক।

বিমানখন ৰাওনা হোৱাৰ সময়ত তেওঁৰ পত্নীও সন্ধ্যাও যোৰহাটতে কৰ্তব্যৰত আছিল। পত্নীয়ে উৰণৰ সংকেট দিছিল আশিসক।

বিমানখন ৰাওনা হোৱাৰ সময়ত তেওঁৰ পত্নীও সন্ধ্যাও যোৰহাটতে কৰ্তব্যৰত আছিল। পত্নীয়ে উৰণৰ সংকেট দিছিল আশিসক।

  • Share this:
    ভাৰতীয় বায়ুসেনাৰ সন্ধানহীন বিমান AN-32ৰ এতিয়ালৈ কোনো সন্ধান ওলোৱা নাই। সোমবাৰে যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশলৈ উৰা মৰাৰ পিছতে নিখোজ হৈছিল ভাৰতীয় বায়ুসেনাৰ বিমানখন। বিমানখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বায়ুসেনাই। এই অভিযানত ISRO–এও সহায় কৰিব বুলি ইতিমধ্যে খবৰ প্ৰকাশ পাইছে।

    যিটো সময়ত AN-32 বিমানখন সন্ধানহীন হৈছিল সেই সময়ত পাইলটৰ আসনত আছিল আশিস তানৱৰ। আশিস হাৰিয়াণাৰ পলৱলৰ বাসিন্দা। তেওঁৰ পত্নী সন্ধ্যাও ভাৰতীয় বায়ুসেনাত কৰ্মৰত আৰু এয়াৰ ট্ৰাফিক কন্ট্র’লৰ কাম কৰে। বিমানখন ৰাওনা হোৱাৰ সময়ত তেওঁৰ পত্নীও সন্ধ্যাও যোৰহাটতে কৰ্তব্যৰত আছিল। পত্নীয়ে উৰণৰ সংকেট দিছিল আশিসক। পাইলট আশিসে পত্নী সন্ধ্যাৰ সৈতে ১৮ মে’ত ছুটী শেষ কৰি কৰ্তব্যত যোগদান কৰিছিল।

    উপগ্ৰহৰ সহায় লৈছে বায়ুসেনাই
    আশিস তানৱৰৰ বিমানখন নিখোজ হোৱাৰ পিছত পলৱলৰ তেওঁৰ ঘৰখনত ভিৰ কৰিছে অসংখ্য লোকে। ইফালে, উদ্ধাৰ অভিযানত ভাৰতীয় নৌসেনাৰ P-8 I, ৰিছেট উপগ্ৰহ, মাল্টী ছেনচৰযুক্ত বিমানো ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰি ভাৰতীয় সেনা আৰু চৰকাৰৰো সহায় লোৱা হৈছে।

    কেনেকৈ সন্ধানহীন হৈছিল বিমানখন
    সোমবাৰে যোৰহাটৰ পৰা ৰাওনা হোৱাৰ পিছতে ভাৰতীয় বায়ুসেনাৰ বিমান AN-32 সন্ধানহীন হৈছিল। দুপৰীয়া ১২.২৫ বজাত অৰুণাচললৈ ৰাওনা হৈছিল বিমানখন। দুপৰীয়া ১ বজাত সম্পৰ্ক স্থাপন হৈছিল বিমানখনৰ সৈতে। মুঠ ১৩জন লোক আছিল বিমানখনত।
    Published by:Sanjay Kumar Das
    First published: