আকাশৰ পৰা সৰি পৰিল তেজশ বিমানৰ ইন্ধনৰ টেংকী, তাৰ পিছত কি হ’ল?

কিহৰ বাবে ইন্ধনৰ টেংকীটো সৰি পৰিল সেয়া স্পষ্ট হোৱা নাই। এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

News18-Assam
Updated:July 2, 2019, 1:10 PM IST
আকাশৰ পৰা সৰি পৰিল তেজশ বিমানৰ ইন্ধনৰ টেংকী, তাৰ পিছত কি হ’ল?
কিহৰ বাবে ইন্ধনৰ টেংকীটো সৰি পৰিল সেয়া স্পষ্ট হোৱা নাই। এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
News18-Assam
Updated: July 2, 2019, 1:10 PM IST
ভাৰতীয় বায়ুসেনাৰ তেজশ যুঁজাৰু বিমানৰ এটা ইন্ধনৰ টেংকী মঙলবাৰে পুৱা আকাশৰ পৰা সৰি পৰে কম্বাইটুৰৰ সমীপৰ এখন খেতিপথাৰত। ইন্ধনৰ টেংকীটো সৰিৰ পৰাৰ ফলত খেতি পথাৰত জুই লাগি যোৱাৰ লগতে সৃষ্টি হয় ৩ ফুট দ গাঁতৰ। ঘটনাৰ খবৰ পোৱাৰ পিছতে উপস্থিত হয় আৰক্ষী। স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। সূত্ৰ অনুসৰি, ইন্ধনৰ টেংকী সৰি পৰাৰ পিছত পাইলটে সুৰক্ষিতভাৱে এয়াৰফ’ৰ্চ ষ্টেচনত অৱতৰণ কৰোৱায় বিমানখন। বায়ুসেনাৰ সূত্ৰ অনুসৰি, কিহৰ বাবে ইন্ধনৰ টেংকীটো সৰি পৰিল সেয়া স্পষ্ট হোৱা নাই। এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।


মঙলবাৰে পুৱা তামিলনাডুৰ কম্বাইটুৰৰ সমীপত বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰে বায়ুসেনাৰ এখন তেজশ বিমান। উৰণৰ সময়তে বিমানখনৰ ইন্ধনৰ টেংকী তললৈ সৰি পৰে। সৌভাগ্যক্ৰমে ইন্ধনৰ টেংকীটো এখন খেতিপথাৰত পৰে, যাৰ ফলত জ্বলি উঠে টেংকীটো। ইন্ধনৰ টেংকী সৰিৰ পৰাৰ পিছতো পাইলটে সুৰক্ষিতভাৱে অৱতৰণ কৰোৱায় বিমানখন। জনবসতিপূৰ্ণ অঞ্চলত এই টেংকীটো পৰাহেঁতেন সংঘটিত হ’লহেঁতেন বৃহৎ অঘটন।

 
আৰু চাওক পৰৱৰ্তী বাতৰি