বালাকোটত কেনেকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল ভাৰতে, বায়ুসেনাই প্ৰকাশ কৰা VIDEO চাওক

১.২৪ মিনিটৰ এই ভিডিঅ’টোত দেখুওৱা হৈছে যে ভাৰতীয় বায়ুসেনাই কিদৰে এই মিছন সম্পূৰ্ণ কৰিছিল।

News18-Assam
Updated:October 4, 2019, 1:58 PM IST
বালাকোটত কেনেকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল ভাৰতে, বায়ুসেনাই প্ৰকাশ কৰা VIDEO চাওক
১.২৪ মিনিটৰ এই ভিডিঅ’টোত দেখুওৱা হৈছে যে ভাৰতীয় বায়ুসেনাই কিদৰে এই মিছন সম্পূৰ্ণ কৰিছিল।
News18-Assam
Updated: October 4, 2019, 1:58 PM IST
ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত এয়াৰষ্ট্ৰাইক চলোৱা এক ভিডিঅ’ প্ৰকাশ কৰিছে। এই ভিডিঅ’টোত দেখুওৱা হৈছে কিদৰে বায়ুসেনাই পাকিস্তানৰ বালাকোটত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল।

ভাৰতীয় বায়ুসেনাৰ নতুন মুৰব্বী ৰাকেশ কুমাৰ সিং ভদোৰিয়াই সংবাদমেলযোগে বালাকোটৰ এয়াৰষ্ট্ৰাইকৰ এক প্ৰমোশ্যনেল ভিডিঅ’ প্ৰকাশ কৰে। এই ভিডিঅ’ত দেখুওৱা হৈছে কিদৰে ভাৰতীয় বায়ুসেনাই বালাকোটত চলাইছিল আক্ৰমণ।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত জম্মু–কাশ্মীৰৰ পুলৱামাত চিআৰপিএফৰ কনভয়ত জইছ–ই–মহম্মদে আক্ৰমণ চলাইছিল। এই আক্ৰমণত ৪০জন চি আৰ পি এফ জোৱান শ্বহীদ হৈছিল। এই আক্ৰমণৰ ১৩ দিন পিছত ২৬ ফেব্ৰুৱাৰীত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত প্ৰৱেশ কৰি জইছ–ই–মহম্মদৰ প্ৰশিক্ষণ শিবিৰত চলাইছিল আক্ৰমণ। এই আক্ৰমণত বহু সন্ত্ৰাসবাদী নিহত হোৱা বুলি দাবী কৰা হৈছিল।




১.২৪ মিনিটৰ এই ভিডিঅ’টোত দেখুওৱা হৈছে যে ভাৰতীয় বায়ুসেনাই কিদৰে এই মিছন সম্পূৰ্ণ কৰিছিল আৰু বিশ্ববাসীক দেখুৱাই দিছিল যে যিয়ে ভাৰতক ৰঙা চকু দেখুৱাব তাকেই এইদৰে ঘৰত সোমাই মাৰিব।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি